তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো অসম দিৱস পালন কৰা হয়৷ প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমক গঢ় দিয়াৰ হোতা আহোমৰ প্ৰথম ৰজা ৰাজকুমাৰ চ্যুকাফাক শুকুৰবাৰে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে স্মৰণ কৰে৷
বৰ্ণিল আহোম সাম্ৰাজ্যৰ গুৰি ধৰোতা তথা এই সাম্ৰাজ্যৰ প্ৰতিস্থাপক ৰাজকুমাৰ চ্যুকাফা তথা অসম দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো অসম দিৱস পালন কৰা দেখা যায়৷ সাতামপুৰুষীয়া ঐক্য সংস্কৃতিৰ বান্ধোন অটুট ৰাখিবলৈ তথা চ্যুকাফাৰ স্মৃতি সজীৱ কৰিবলৈ এই দিৱস পালন কৰা হয়৷