তেজপুৰঃ তেজপুৰ চহৰৰ ঐতিহ্যমণ্ডিত বাণথিয়েটাৰত দেওবাৰে দুদিনীয়া কাৰ্য্যসূচীৰে মার্চ মাহৰ ৩০-৩১ মার্চত সদৌ অসম জ্যোতিষ বস্তু আৰু আধ্যাত্মিক পৰিষদৰ তৃতীয় বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব।
উক্ত সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ পণ্ডিত মণ্ডলী, স্বনামধন্য গৱেষক, আধ্যাত্মিক গুণী-জ্ঞানী ব্যক্তি উপস্থিত থাকিব। উল্লেখ্য যে, মহাকাশ বিজ্ঞানী ড০ ওম প্ৰকাশ পাণ্ডে (দিল্লী), মহামহোপাধ্যায় ড০ সঞ্জিত কে শাস্ত্ৰী (টাটা-জামছেদপুৰ), ড০ কুন্তল মুকুথী, ড০ কুশল সেন কলিকতাৰ লগতে নেপাল আৰু বাংলাদেশৰ জ্যোতিষী সকলেও সক্ৰিয় অংশগ্ৰহণ কৰিব।