41
তেজপুৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সুৰতে সুৰ মিলাই তেজপুৰীয়া সাংসদ ৰাম প্ৰসাদ শৰ্মাই ক’লে “ৰাহুল গান্ধী বেইমান৷ বেইমান কংগ্ৰেছ দল৷”
নিকা ভাবমূৰ্তিৰ গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক যদি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ‘চোৰ’ বুলি ক’ব পাৰে, তেন্তে ৰাহুল গান্ধী বা কংগ্ৰেছ দলক ‘বেইমান’ বুলি কোৱাত ক’ত অপৰাধ হৈছে বুলি তেওঁ প্ৰশ্ন কৰে।