গুৱাহাটীঃ মহানগৰীৰ হায়াত হাস্পতালৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মিডিয়া অ' পি ডি ক্লিনিকৰ আয়োজন কৰা হয়৷ 

শিবিৰত উপস্থিত থাকি ডা০ নাছিমুৰ ৰিয়াজ আৰু ড০ ভাস্কৰ নেওগে অংশগ্ৰহণকাৰীসকলক স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়৷

প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিকৰ কাৰণে আয়োজিত স্বাস্থ্য শিবিৰত ৰেণুকা বৰ্মন আৰু ৰশ্মিৰাণী ৰয়ে অংশগ্ৰহণকাৰীসকলৰ ৰক্তচাপ আৰু ব্লাড ছুগাৰ পৰীক্ষা কৰে৷ 

উক্ত শিবিৰত চিকিৎসালয়খনৰ জেনেৰেল মেনেজাৰ পৰাগজ্যোতি দত্ত আৰু ডেপুটি মেনেজাৰ বশিষ্ঠ শইকীয়াও উপস্থিত আছিল বুলি গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়াই এক বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে৷