তেজপুৰ টাউনঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত বান ৰংগমঞ্চত দেওবাৰে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ তম মৃত্যু বাৰ্ষিক পালন কৰা হয়। বিয়লি ৪ বজাৰপৰা অনুষ্ঠিত কাৰ্যসূচীত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বান ৰংগমঞ্চৰ সভাপতি বংকিম শৰ্মাই।
ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ তম মৃত্যু বাৰ্ষিকৰ সৈতে সংগতি ৰাখি সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতাৰ অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত বিচাৰক ৰূপে উপস্থিত থাকে সুধাকন্ঠৰ সতীৰ্থ বিখ্যাত তবলাবাদক সূৰ্য্য গোস্বামী, মৃদুস্মিতা ভট্টাচাৰ্য্য আৰু ভূপেন্দ্ৰ সংগীতক সংস্কৃত ৰূপত শ্ৰোতা ৰাইজক মুকলি কৰি দিয়া শিল্পি ৰঞ্জন বেজবৰুৱা।