তেজপুৰ, অপুৰ্ব বৰাঃ সমগ্ৰ ৰাজ্যতে আজি উলহ-মালহেৰে উদযাপন কৰে বিষ্ণু ৰাভা দিৱস। কিন্তু এনএফ ৰে’লৱে মজদুৰ ইউনিয়ন ৰঙাপৰা শাখাই ৰাভা দিৱসৰ লগত সংগতি ৰাখি এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠান অনুষ্ঠিত কৰে।
'ৰক্তদান মহান দান' বাক্যশাৰী সৰোগত কৰি মজদুৰ ইউনিয়ন ৰঙাপৰা শাখা আৰু ৰঙাপৰা মাৰোৱাৰী যুৱ মঞ্চ, ভিক্টেৰিয়াচ ক্লাবৰ সহযোগত মজদুৰ ইউনিয়নৰ কাৰ্যালয়ত ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰে।
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰপৰা অহা আকাশ ভূঞা আৰু সম্প্ৰীতি বৰুৱাৰ নেতৃত্বত অহা ১৩ জনীয়া এটা চিকিৎসকৰ দলৰ উপস্থিতিত ৰক্তদানকাৰী সকলে এক ইউনিটতকৈ ৰক্তদান কৰে।
ৰক্তদান শিৱিৰ অনুষ্ঠিত হোৱাৰ প্ৰাকক্ষণত ৰাভা সংগীতৰ এটি সমবেত সংগীত ৰে’লৱে মহিলা আৰু শিল্পী বিৰিঞ্চি ভাগৱতীয়ে গীত পৰিৱেশ কৰে।