তেজপুৰঃ অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক বেইমানৰ দল বুলি অভিহিত কৰা মন্তব্যৰ বিৰোধীতা কৰি শুকুৰবাৰে বালিপৰা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু যুৱ কংগ্ৰেছৰ সহযোগত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয়| প্ৰতিবাদকাৰীসকলে বেনাৰ ফেষ্টুন লৈ কংগ্ৰেছ জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, ৰাহুল গান্ধী জিন্দাবাদ আদি বিভিন্ন শ্লো-গান দি বালিপৰাৰ আকাশ-বতাহ উত্তাল কৰি তোলাৰ লগতে মুখ্যমন্ত্রীৰ এনে মন্তব্যক তীব্ৰ গৰিহনা দিয়ে|