♦ প্ৰমোদ বড়োৰ অংগ্ৰহণ 

তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোনিতপুৰ জিলাৰ সদৰ তেজপুৰতো সোমবাৰে এবছুৰ লগতে অন্যান্য বড়ো জনগোষ্ঠীয় দল-সংগঠনে পৃথক ৰাজ্যৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

শোনিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰপৰা অহা কেইবা সহস্ৰাধিক পুৰুষ-মহিলাই বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল'গানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে। 

মূলত পৃথক ৰাজ্য বড়োলেণ্ড গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত এবছু, এন ডি এফ বি (প্ৰগতিশীল) আৰু পিপুলছ জইন্ট একচন কমিটী ফ'ৰ বড়োলেণ্ড মুভমেন্টৰ উদ্যোগত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ইপিনে আবছুৰ সভাপতি প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে পৃথক ৰাজ্যৰ দাবীতহে আন্দোলন কৰিছে আৰু কোনো ইউ টি চি বা স্বায়ত্ব শাসিত পৰিষদ বিচৰা নাই।

ইয়াৰ ওপৰিও আন্দোলনকাৰী দল সংগঠনৰ নেতৃত্বই সাংসদৰ অন্তিমটো অধিৱেশন চলি থকাৰ সময়তে যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তীব্ৰ আন্দোলন কৰিবলৈ প্ৰস্তুত বুলি প্ৰকাশ কৰে।