53
তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোনিতপুৰ জিলাৰ সদৰ তেজপুৰতো সোমবাৰে এবছুৰ লগতে অন্যান্য বড়ো জনগোষ্ঠীয় দল-সংগঠনে পৃথক ৰাজ্যৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
শোনিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰপৰা অহা কেইবা সহস্ৰাধিক পুৰুষ-মহিলাই বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে।