তেজপুৰঃ সমাজৰ বাধা-বিঘিনি, ভ্ৰুকুটি নেওচি সাহসিকতাৰে তপন কোচ নামৰ এজন লোকে জীৱন সংগী হিচাপে আকোৱালি ল’লে এগৰাকী বিধৱা মহিলাক। বিধৱা বিবাহৰ সপক্ষে থিয় দিয়া পেছাত ঠিকাদাৰ তপন কোচে সমাজৰ প্ৰতি আদৰ্শ দাঙি ধৰি বিধৱা মহিলা নভা বৰা কটকীৰ সৈতে যোৱা ২৮ এপ্ৰিলত স্থানীয় হলেশ্বৰ মন্দিৰত বিবাহ পাশত আবদ্ধ হোৱাত একাংশই বাহ বাহ দিছে।
উল্লেখ্য যে, আজিৰ পৰা প্ৰায় চাৰি বছৰ পূৰ্বে এক শোকাবহ পথ দূৰ্ঘটনাত প্ৰাণ গৈছিল তেজপুৰ মিলনপুৰৰ সৰবৰহী যুৱক অলক কটকীৰ।মৃত্যুৰ সময়ত অলক কটকীয়ে এৰি গৈছিল পত্নী নভা আৰু ৫বছৰীয়া কন্যা এনাক। এনেদৰেই সৰুতেই পিতৃ-মাতৃক হেৰোৱা নভাৰ আৰম্ভ হয় অকাল বৈধৱ্যৰ যন্ত্ৰণাময় জীৱন সংগ্ৰাম।