31
May
তেজপুৰ, অপুৰ্ব বৰাঃ এজন হত্যাকাৰীয়ে কেমেৰাৰ সন্মুখত হাতযোৰ কৰি স্বীকাৰ কৰিছে অত্যাচাৰী ককায়েকক হত্যা কৰাৰ কথা। বৃহস্পতিবাৰে ৰাতি তেজপুৰ থানাৰ অন্তৰ্গত ৰঙাপুখুৰিপাৰত প্ৰবীন বাকটি নামৰ এজন যুৱকে ককায়েক বিক্ৰম বাকটিক ৰাজপথৰ ওপৰত প্ৰথমে ইটাৰে মূৰত মাৰি ডিঙি চেপি হত্যা কৰে।
একমাত্ৰ পাৰিবাৰিক কণ্ডল, দৰিদ্ৰতা আৰু নিজ মাতৃক অত্যাচাৰ কৰি ত্ৰাসৰ সৃষ্টি কৰি অহা বিক্ৰমক বৃহস্পতিবাৰে ৰাতি প্ৰবীন বাকটিয়ে আনজন ভায়েক ধন বাকটি আৰু মাক সাবিত্ৰী বাকটিৰ সন্মূখতে হত্যা কৰাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেজপুৰৰ কেতেকীবাৰীৰ কোনো ঘৰত ভাড়াতীয়া হিচাপে থকা পৰিয়ালটোৰ মাজৰ গৃহ কন্দলৰ পৰিণতিত ৰঙাপুখুৰিপাৰত সংঘটিত হত্যাকাণ্ড সংঘটিত হয়।