ডিজিটেল ডেস্ক |তেজপুৰঃ তেজপুৰত দুৰ্গা পূজা উপলক্ষে Tezpur Buzz গ্ৰুপৰ সদস্যসকলে মিলি Buzz Fiesta 1.0 নামেৰে এটি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে। এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত কে.কে.শৰ্মা, এডুপুৰ ছ'চাইটিৰ প্ৰতিস্থাপক অমৃত ৰাজকোঁৱৰ, এডুপুৰ ছ'চাইটিৰ সম্পাদক দিপ কুমাৰ কলিতা। 

অনুষ্ঠানটি আৰম্ভণি কৰে দেৱী দুৰ্গাৰ এটি নৃত্যৰে। লগতে বিভিন্ন ধৰণৰ সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰে কৃতিকা শৰ্মা, জয়ন্ত কাশ্যপ, অছিন শৰ্মা, ধ্ৰুৱ ভৰদ্বাজ, শ্ৰেয়া দাসগুপ্তা, ৰক্তিম ৰাজ, তাৰ উপৰিও তেজপুৰৰ শিশুসকলে মিলি পৰম্পৰাগত আৰু বিহু নৃত্য প্ৰদৰ্শন কৰে। এই Tezpur Buzzৰ পৰিয়ালৰ হৈ প্ৰতিস্থাতা শ্ৰীকান্ত ছাহা আৰু Tezpur Buzzৰ মুখ্য গৌৰৱ ছাহাই Tezpur Buzzৰ বিষয়ে কিছু বক্তব্য ৰাখে। এই অনুষ্ঠানটোৰ পৰিচালনাত আছে কমল দাস, অনিচা ভট্টাচাৰ্য, গৌৰৱ ছাহা, পবিৰ ছাহা।