তেজপুৰঃ জকাইচুকত ভোগালীৰ ব্যস্ততা৷ গাঁৱৰ পথাৰত সাজু ভেলাঘৰ৷ অপায়, অমংগল দূৰ কৰাৰ বাবে পৰম্পৰাগত ভাবে ভোগালী বিহুৰ বাবে সাজু প্ৰতিখন গাঁও৷ পিঠা-পনা, জলপানৰ সামগ্ৰীও সাজু কৰিলে গৃহিনীয়ে৷ এতিয়া ভোগালীৰ ভোগ উৰুকাৰ নিশা এসাঁজ উদৰ পুৰাই লগে-ভাগে খাবৰ বাবে ব্যস্ত অসমীয়া৷ পিছপৰি থকা নাই তেজপুৰৰ বিভিন্ন ঠাই৷
ভোগৰ উৎসৱ ভোগালী বিহুক লৈ ব্যস্ত সকলো৷ অসমৰ গাঁৱৰ পথাৰত সকলো ব্যস্ত ভেলাঘৰত অন্তিম পৰশ দিয়াত৷ নিজ নিজ ঘৰত ব্যস্ত মহিলাসকল৷ এতিয়া যেন কাৰোৰে আহৰি নাই৷ ভোগৰ ভোগজৰাক লৈ পুনৰ অসমীয়াৰ চোতালত বাপতিসাহোন আদৰৰ ভোগালী বিহু৷ চৌদিশে এতিয়া ভোগালীক আদৰিবলৈ চলিছে পূৰ্ণ প্ৰস্তুতি৷ জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সকলো যেন ব্যস্ত হৈ পৰিছে আদৰৰ বিহুক আদৰিবলৈ৷