তেজপুৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপৰা, লোকৰা, চাৰিদুৱাৰ, খনামুখকে ধৰি বৃহত্তৰ অঞ্চলটোত বিগত কিছুদিন ধৰি মটৰ চাইকেল, গাড়ী চুৰিৰে ত্রাসৰ সৃষ্টি কৰি আহিছে৷

সোমবাৰে দুৰ্ধৰ্ষ চোৰক চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰে৷ যোৱা নিশা এক গোপন সূত্রৰ পম খেদি আৰক্ষীয়ে বালিপৰা পাঁচআলিৰপৰা মনোজ আলি নামৰ চোৰটোক আটক কৰে৷ 

উল্লেখ্য যে, জামুগুৰিৰ বাকোলাৰ নিৱাসী মনোজ আলি অঞ্চলটোৰ কেইবাটাও গাড়ী চুৰি কাৰ্য্যৰ সৈতে জড়িত৷ ইতিমধ্যে, চাৰিদুৱাৰ আৰক্ষীয়ে মনোজ আলিক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।