তেজপুৰঃ চাওতালসকল ভুমিপুত্ৰ।এই চাওতালসকলৰ ভূমিৰ অধিকাৰ থাকিলেহে আমাৰ থলুৱা জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্ব থাকিব, ভূমিৰ অধিকাৰ থাকিলেহে আমাৰ আজোককাৰ দিনৰ ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি সুৰক্ষিত হ’ব বুলি মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী সবানন্দ সোণোৱালে।
শনিবাৰে কাৱৈমাৰীত চলি থকা চাওতাল ছাত্ৰসন্থাৰ একাদৰ্শ বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে ভাষণ দি তেওঁ লগতে কয় যে আমি ইতিমধ্যে অসমৰ প্ৰায় ১১,৫০০ টা থলুৱা ভূমিহীন পৰিয়ালক একেদিনাই ভূমিৰ পট্টা প্ৰদান কৰিছোঁ।