অপূৰ্ব বৰা, তেজপুৰঃ সকলোৰে হেঁপাহৰ তেজপুৰ। সাংস্কৃতিক নগৰি খ্যাত তেজপুৰ চহৰত বহু ঐতিহ্যৰে ভৰপুৰ সমলৰে বিৰাজ মান। শিলে কথা কোৱা তেজপুৰতেই কলপাৰ্ক, অগ্নিগড়কে ধৰি বহ পাৰ্ক। ভাৰতৰ তথা বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য পৰিস্কাৰ চহৰ। প্ৰাচীন কালত নামত বাণ ৰজাই ৰাজত্ব কৰা তেজপুৰত শিচৰিত বিভিন্ন ভাস্কয্য সামৰি তেজপুৰত স্থাপন কৰা হৈছিল চিত্ৰলেখা উদ্যান তথা কলপাৰ্ক।
বহুতৰ তেজপুৰৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কলপাৰ্ক৷ তেজপুৰ পাৰিপাৰ্শ্বিকতা সমাজৰ অধীনত আছে আৰু জিলা প্ৰসাশনে ইয়াক নিয়ন্ত্ৰণকৰে। জৈৱ বৈচিত্ৰ্যতাৰে ভৰপূৰ তেজপুৰ চহৰ।