অপুৰ্ব বৰা, তেজপুৰঃ শোণিতপুৰ জিলাৰ মিছামাৰীত আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসম আৰু নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ সদস্য সকলে ৰাজ্য চৰকাৰৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

আজি দিনৰ ১১ বজাত সংগঠনটোৰ পাঁচ শতাধিক সদস্যই হাতে হাতে বেনাৰ প্লে’কাৰ্ড লৈ জংঘল বস্তি শিৱমন্দিৰ প্ৰাংগনৰপৰা কলাকুছিলৈ প্ৰায় তিনি কিলোমিটাৰ পথ সমদল কৰি ভূমিহীনক মাটি প্ৰদান কৰক, মাটিৰ পট্টা প্ৰদান কৰক, বান গৰাখহনীয়াৰ স্থায়ী সমাধান কৰক, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, প্ৰতিটো দৰিদ্ৰ পৰিয়ালক চৰকাৰী গৃহ প্ৰদান কৰক, ৰাজ্য অন্যান্য প্ৰান্তৰ লগতে কলাকুছিৰ প্ৰতিটো অঞ্চলৰ বাট পথ নিৰ্মাণ কৰক, নাৰী নিৰ্যাতন আৰু ধৰ্ষনকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰক, শৌচালয় নিৰ্মাণত হোৱা দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰক, অসম চৰকাৰৰ কাম নাই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শুনি লওক, কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ, নাৰী সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ, আজি কৃষক শ্ৰমিক এক হ’ল আদি শ্ল’গান দি কলাকুছিৰ আকাশ বতাহ মুখৰিত কৰি তোলে৷

কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে বৰ্তমান চৰকাৰৰ কথা আৰু কামৰ মাজত অলপো মিল নাই৷ চৰকাৰৰ একাংশ জনপ্ৰতিনিধিয়ে মাত্ৰ সংবাদ মাধ্যম আৰু টিভিৰ পৰ্দাত ৰাইজৰ উন্নয়নৰ কাম চলাই আছে৷ প্ৰকৃতাৰ্থত অসমৰ দৰিদ্ৰ জনতাক চৰকাৰৰ কোনো কামেই উপকৃত কৰিব পৰা নায়৷

বছৰ বছৰ ধৰি বিভিন্ন কষ্টৰ মাজত দিন অতিবাহিত কৰা দৰিদ্ৰ জনতাৰ চকুপানীয়ে চৰকাৰৰ বিফলতাৰ কথাকে প্ৰতিপন্ন কৰিছে৷ লগতে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই কয় যে বান গৰাখহনীয়াৰ কবল পৰি লাখ লাখ পৰিয়াল গৃহহীন হৈ বৰ্তমান ৰাজপথত আশ্ৰয় লৈ আছে যদিও চৰকাৰে এই পৰিয়াল বিলাকক আজি লৈকে এডোখৰ ভূমি প্ৰদান কৰা নাই পৰিয়াল বিলাকক কোনো ধৰণৰ ক্ষতিপূৰণৰ ব্যৱস্থাও নকৰিলে৷

ভূমিপট্টাবিহীন পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা আৰু বাণ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক বাৰম্বাৰ সংগঠনটোৱে দাবী উত্থাপন কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নায়৷ নাৰী সকলক নিৰাপত্তা দিয়াত চৰকাৰ বিফল হৈছে বুলি চৰকাৰ  অভিযোগ তোলে৷ কৃষক শ্ৰমিক নেতা বৈশ্যই আৰু কয় যে বাট পথ নিৰ্মাণৰ ক্ষেত্ৰতো চৰকাৰ বিফল হৈছে মিছামাৰীৰ কলাকুছিৰ বিভিন্ন বাট পথে তাৰ সত্যতা প্ৰমান কৰিছে৷ 

অহা ১৫ দিনৰ ভিতৰত ৰাইজে ভোগা সমস্যা সমূহ সমাধান কৰিবলৈ আজিৰ প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে চৰকাৰক দাবী জনায়৷ অন্যথা সংগঠনটোৱে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ জৰিয়তে একপ্ৰকাৰ সকীয়াই দিয়ে৷