অপুৰ্ব বৰা, তেজপুৰঃ কেন্দ্ৰীয় চৰকাৰেই হওঁক বা ৰাজ্যিক চৰকাৰ সকলো চৰকাৰে ফাঁকিবাজ। নিজৰ স্বাৰ্থ সিদ্ধি আৰু ভোট লাভৰ বাবে ফাঁকি কথা কয়। অসমক সৰ্বস্ৰান্ত কৰা বান আৰু গৰাখহনীয়া সমস্যাৰ বাবে শাসক বিৰোধী দলসমূহে বান আৰু গৰাখহনীয়া সমস্যাক লৈ ফাকি দি আহিছে।
কংগ্ৰেছ শাসনত থকাৰ কালত বিজ্ঞাপন দি বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা বুলি ঘোষণা কৰি বিজ্ঞাপনত দিছিল সকলো কিন্তু সেয়া ফুটুকাৰ ফেন হ’ল৷
এই মন্তব্য আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যৰ৷ সোমবাৰে তেজপুৰত সংবাদমেলত আছু উপদেষ্টাজনে লগতে কয় যে একেদৰে বিজেপি দলেও নিৰ্বাচনৰ প্ৰাকক্ষণত বান আৰু গৰাখহীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বিজ্ঞাপন দিছিল সেয়া পাহৰিলে৷
গতিকে আছুৰ উপদেষ্টাজনে শাসক বিৰোধিক প্ৰত্যাহ্বান জনাই কয় যে অতি সোনকালে বান গৰাখহনীয়া সমস্যক ৰাষ্টীয় সমস্যা হিচাপে স্বীকৃতি নিদিলে আছু জংগী আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে।
সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয় ‘অবৈধ বাংলাদেশীয়ে ভুৱা আৰু ভুল নথিৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। কিন্তু উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক তন্ন তন্নকৈ নথিসমূহ পৰীক্ষাৰ কৰ্তৃত্ব দিছে। আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰাও এইক্ষেত্ৰত নজৰ ৰাখি আহিছো।
অসম আৰু অসমীয়াৰ স্বাৰ্থত অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ চূড়ান্ত সমাধানৰ একমাত্ৰ বৈজ্ঞানিক পদ্ধতি শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণত সকলো পক্ষকে ৰাজনীতিৰ উৰ্ধত গৈ আন্তৰিকতাৰে সহযোগ কৰিবলৈ সকলোকে আহ্বান জনাই উপদেষ্টাগৰাকীয়ে৷