তেজপুৰঃ সংগীত শিল্পী দিলীপ চৌধুৰীৰ ত্ৰয়োদশ মৃত্যু তিথি উপলক্ষে উত্তৰ-পশ্চিম তেজপুৰ সাহিত্য সভাৰ তৰফৰপৰা তেজপুৰ ডিপোটা শতাব্দী ভৱনত সোমবাৰে পুৱা শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়৷

অনুস্থানত কেইবাগৰাকী সাংস্কৃতিক কৰ্মীয়ে গীতে-মাতে চৌধুৰীৰ স্মৃতিচাৰণ কৰে৷ 

বৰেণ্য শিল্পী চৌধুৰীৰ একমাত্ৰ কন্যা অৰিজিতা চৌধুৰীয়ে এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা স্মৃতিচাৰন অনুষ্ঠানত কেইবগৰাকী সাংস্কৃতিক কৰ্মীয়ে দিলীপ চৌধুৰীৰ ওপৰত স্মৃতি চাৰণ কৰি বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত জিলা সাহিত্য সভাৰ সহঃসম্পাদক অপুৰ্ব বৰা উপস্থিত থাকি শিল্পীজনৰ মহাপ্ৰয়াণৰ দিনটো প্ৰতি বছৰে সকলোকে পালনৰ আহ্বান জনায়৷ অনষ্ঠানটো বিভিন্ন নৃত্য-গীতৰে মুখৰিত কৰি তোলা হয়।