তেজপুৰঃ অসমত বেদ, উপনিষদ আৰু বৈষ্ণব সকলক চিন্তধাৰা অধিক প্ৰচাৰ আৰু প্ৰয়াসৰ বাবে অসমত গঢ়ি উঠা অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কেন্দ্ৰীয় দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন শুকুৰবাৰৰপৰা তেজপুৰৰ হলেশ্বৰৰ হৰিহৰত আৰম্ভ হৈছে৷
আজিৰ পৰা ১১ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া অধিবেশনত অসমৰ বিভিন্ন জিলাৰপৰা ভকত বৈষ্ণৱৰ ভীৰ পৰিলক্ষিত হৈছে। অসম বৈদিক বৈষ্ণৱ মহা সভাৰ কেন্দ্ৰীয় আৰু জিলা সমিতি উপস্থিত থকা হৰি হৰি ক্ষেত্ৰত বৰ্তমান হৰি হৰ যুদ্ধৰ পৰিৱেশ গঢ়াৰ বাবে মণ্ডপ সজাই তোলা হৈছে।