65
তেজপুৰৰ হৰিহৰ ক্ষেত্ৰৰপৰা অপূৰ্ব বৰাঃ অসমত বেদ, উপনিষদ আৰু বৈষ্ণৱসকলক চিন্তধাৰা অধিক প্ৰচাৰ আৰু প্ৰয়াসৰ বাবে অসমত গঢ়ি উঠা অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কেন্দ্ৰীয় দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশন তেজপুৰৰ হলেশ্বৰৰ হৰিহৰি ক্ষেত্ৰত মাৰ্চ মাহৰ ৮ তাৰিখৰপৰা ১১ তাৰিখলৈ অনুষ্ঠিত হ’ব।
অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কেন্দ্ৰীয় আৰু জিলা সমিতি উপস্থিত থকা হৰি হৰি ক্ষেত্ৰত বৰ্তমান হৰিহৰত যুদ্ধসদৃশ তৎপৰতাৰে মণ্ডপ সজাই তোলাৰ কাম আৰাম্ভ কৰা হৈছে।