তেজপুৰঃ শনিবাৰে তেজপুৰত অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেজপুৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ আধাৰশিলা স্থাপন কৰে৷ অসম ৰাজ্যিক পৰিবহন নিগমৰ তেজপুৰ মাজগাঁৱত থকা ১৫ বিঘা মাটিত ২৯.৬০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া আন্তঃৰাজ্যিক বাছ আস্থানৰ প্ৰাৰম্ভিক কামৰ কাৰণে অসম চৰকাৰে ৪.৫ কোটি টকা মুকলি কৰি দিছে৷