newsnextone.com | তেজপুৰঃ সংবাদ মাধ্যমৰ স্বাধীনতাৰ দাবীত সমগ্ৰ দেশ জুৰি বিভিন্ন সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিক সকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈ থকাৰ সমান্তৰালকৈ ৰাজ্যৰো বিভিন্ন প্ৰান্তত সংবাদ মাধ্যমৰ স্বাধীনতাৰ দাবীত সাংবাদিকসকল ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ সাংবাদিকৰ স্বাভিমান ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ অংশ হিচাপে শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে তেজপুৰতো প্ৰতিবাদ সাব্যস্ত কৰে৷
তেজপুৰত শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ নেতৃত্বত সাংবাদিকসকলে সমদল বাহিৰ কৰি প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰা পৰিলক্ষিত হয়৷ আনহাতে তেজপুৰতো সাংবাদিক একত্ৰিত হৈ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ বিৰুদ্ধে তীব্ৰ বিক্ষোভ প্ৰদৰ্শণ কৰে৷