70
তেজপুৰঃ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ সোমবাৰে ১১৬ সংখ্যক ওপজা দিন। তেওঁ ১৯০৩ চনৰ আজি এই দিনটোতে ডিব্ৰুগড়ৰৰ তামোলবাৰী চাহ-বাগিছাত পিতৃ পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ীৰ ঔৰষত জন্ম হৈছিল৷
অসমীয়া জন জীৱনলৈ আৰু সমাজলৈ নতুন মাত্ৰা দিয়া এই মহান পুৰুষজনাৰ অৱদান অতুলনীয়৷ তেখেত এজন, গীতিকাৰ, নাট্যকাৰ, কবি, সাহিত্যিক উপৰিও ১৯৩৫ চনত প্ৰথম অসমীয়া বোলছবি জয়মতী ৰ্নিমাণ কৰি অসমীয়া সাংস্কৃতিক জগতখনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিলে৷