তেজপুৰঃ তেজপুৰত ভূমি কেলেংকাৰী। দ্ৰৰিদ্ৰ লোকক বেংকৰ লোনৰ প্ৰলোভন দি তিনি বিঘা মাটি তেজপুৰৰ এগৰাকী লোকে নিজৰ নামলৈ নিয়াক লৈ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। তেজপুৰৰ দুই নং দোলাবাৰীত থকা জয়নাল আবেদিনক সেই অঞ্চলৰ ব্যৱসায়ী জনৈক চাহু উপাধীৰ লোক এজনে তেজপুৰৰ কোনো এটা বেংকৰপৰা লোন উলিয়াই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। 

লোণ উলিয়াই দিয়াৰ নামত বেংকত তথ্য দিয়াৰ নামত বহুকেইখন উকা কাগজত আৰু দলিলত চহী কৰায়। আনকি কেইবাবাৰো বেংকৰপৰা জৰিপ চলোৱা নামত আহে। কিন্ত লোন লাভৰ আশাত থকা সময়তে বিশেষভাৱে তেজপুৰ ৰাজহ চক্ৰ বিষয়াৰ কায্যালয়ত  হৈ জয়নাল আবেদিনৰ দোলাবাৰীত থকা বাসগৃহ থকা ভূমিৰ পুখুৰিসহ থকা তিনিবিঘা মাটি নিজৰ নামত নামজাৰি কৰি লোৱা তথ্য লাভ কৰে।

জয়নাল আবেদিনে তেজপুৰ আদালতত গোচৰ তৰি ঠগবাজ বিৰুদ্ধে তদন্ত আৰু ন্যায় বিচাৰিছে। বেংকত লোন দিয়াৰ প্ৰতিশ্ৰুতি দি মাটি দখল কৰা কৰাক লৈ তেজপুৰ চহৰত চাঞ্চল্য সৃষ্টি কৰিছে।