তেজপুৰঃ গুৱাহাটীৰ পৰা আৰম্ভ হৈ আজি তেজপুৰত প্ৰৱেশ কৰে ভাৰত-তিব্বত সহযোগী মঞ্চৰ তীৰ্থ যাত্ৰা৷ তেজপুৰৰ মহাভৈৰৱ মন্দিৰত নেপালী সুৰক্ষা পৰিষদে এই যাত্ৰাত ভাগ লোৱা প্ৰায় ৩৫০ জন যাত্ৰীক স্ৱাগতম জনোৱাৰ পাছত যাত্ৰীসকলে মহাভৈৰৱ মন্দিৰ দৰ্শন কৰে৷
ভাৰত-তিব্বত সহযোগী মঞ্চই এই বছৰ সপ্তম বাৰৰ বাবে যাত্ৰা আৰম্ভ কৰিছে৷ তীৰ্থ যাত্ৰাৰ মূল উদ্দেশ্য হৈছে ৰঙা চীনে আগ্ৰাসন কৰা তিব্বতৰ অংশ পৰিদৰ্শন কৰি তাত থকা লোকৰ বিষয়ে জনসাধাৰনক অৱগত কৰাৰ লগতে পৰ্যটন ক্ষেত্ৰ টনকিয়াল কৰা৷