59
তেজপুৰঃ সৰ্বত্ৰে চৰ্চা লাভ কৰা ‘হেৰি হেৰি’ শীৰ্ষক গীতটো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই।
শিৱৰাত্ৰী উপলক্ষে তেজপুৰৰ মহাভৈৰৱ মন্দিৰত পূজা দি সাংবাদিকৰ অাগত সাংসদজনে কয় যে এনে গীতক নিষিদ্ধ কৰা দৰকাৰ। এনে গীত ৰচনা কৰা তথা পৰিচালনা কৰা সকলে অসমীয়া সংস্কৃতি জনা দৰকাৰ বুলিও মন্তব্য কৰে সাংসদজনে।এই ক্ষেত্ৰত তেওঁ সকলোকে সজাগ হ’বলৈকো আহ্বান জনায়।