62
তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত পামবস্তিত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। নাতিয়েকে কুঠাৰে ঘপিয়াই হত্যা কৰে নিজ আইতাকক। পাৰিবাৰিক কন্দলৰ বাবেই উক্ত হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।
ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত পামবস্তিৰ নিৱাসী বাদুল প্ৰজাৰ পুত্ৰ বিশাল প্ৰজাই বুধবাৰে নিশা এখন কুঠাৰেৰে প্ৰহাৰ কৰে আইতাক দশমী হলমানক। প্ৰহাৰৰ ফলত বৃদ্ধাগৰাকীয়ে থিতাতে মৃত্যুক সাৱটি লয়।