63
তেজপুৰঃ তেজপুৰৰ হজৰা পাৰৰ শ্মসানৰ কাষত থকা নলাত জীৱিত অৱস্থাত নৱজাতক উদ্ধাৰ কৰা হয়। জানিব পৰা মতে তেজপুৰৰ হজৰাপাৰ শ্মসানৰ কাষৰ এটা নলাত সদ্য জন্ম লাভ কৰা এটি নৱজাতকক কোনো পাষণ্ড পিতৃ মাতৃয়ে এটা টিঙত পেলাই থৈ যায়।
নলাত পেলাই থৈ যোৱাৰ পিছত নৱজাতকটিক আমলি পৰুৱায়ে কামুৰাৰ ফলত কান্দিবলৈ ধৰে। নৱজাতকৰ কান্দোনৰ শব্দ শুনি ৰাইজে নৱজাতকটি প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰি আনে৷