50
তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিলক কেন্দ্ৰ কৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে। বিলখনে অসমীয়া মানুহক কেতিয়াও ক্ষতি নকৰে। ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পাছত অহাবোৰ নাগৰিক নহয়, বিদেশী।
গতিকে অসমীয়া মানুহে ভয় কৰাৰ কোনো কাৰণ নাই। মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল তথা হিমন্ত বিশ্ব শৰ্মাই বিল সন্দৰ্ভত সকলোবোৰ কথা স্পষ্ট কৰি দিয়াৰ পাছতো ৰাজ্যত অপপ্ৰচাৰ চলাইছে একাংশই। এই মন্তব্য ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা মন্ত্রী পল্লৱলোচন দাসৰ।