অপুৰ্ব বৰা, তেজপুৰঃ শনিবাৰে তেজপুৰত উপস্থিত হয়হি মন্ত্ৰী তথা বিধায়ক পল্লৱ লোচন দাস৷ তেজপুৰৰ উন্নয়ন তথা সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷  

তেওঁ কয় যে দলে মোক যি দায়িত্ব দিয়ে মই তাকে কৰিম। দলে মোক বিধায়ক হ’বলৈ কলে বিধায়ক হ’লো। মন্ত্ৰী হ’বলৈ কলে মন্ত্ৰী হ’লো। মই দলৰ মতে চলো মোৰ মতে নচলো।

তেওঁৰ মন্ত্ৰিত্ব পদ ত্যাগৰ কৰাৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে বিচাৰিলে এতিয়াই মন্ত্ৰিত্ব এৰিবলৈ সাজু বুলি মন্তব্য কৰে সাংসস দাসৰ। তেজপুৰৰ উন্নয়ণ আৰু তেজপুৰৰ সমস্যাসমূহ সদনৰ মজিয়াত উপস্থান কৰা লক্ষ্য হিচাপে লৈ কাম কৰি যাব বুলি মন্তব্য কৰি কয় যে সদন মজিয়াত খোজ পেলাই  অভিভূত আৰু আনন্দিত হৈ পৰা বুলিও উল্লেখ কৰে।