47
তেজপুৰঃ অসমৰ বিশিষ্ঠ কণ্ঠ শিল্পী পংকজ বৰদলৈৰ ওপজা দিন হিচাপে সোমবাৰে নিশা শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন আৰু নুপুৰ নৃত্যাংগন সংগীত বিদ্যালয়ে বাণ থিয়েটাৰৰ মঞ্চত পালন কৰে।
শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জিৱ হাজৰিকা, সম্পাদক মনোজ শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ বৰুৱাকে ধৰি বিশিষ্ট লোক সকলৰ লগতে অনুষ্ঠানত উপস্থিত থকা নুপুৰ নৃত্যাংগনৰ তৰফৰপৰা বিভিন্ন নৃত্য গীত পৰিৱেশন কৰা হয়৷