newsnextone.com | তেজপুৰঃ তেজপুৰ অসমৰ আটাইতকৈ পৰিষ্কাৰ আৰু কম প্ৰদূষিত চহৰ বুলি কলে বঢ়াই কোৱা নহ’ব। ৰাজ্যৰ আন চহৰৰ তুলনাত তেজপুৰ পৰিষ্কাৰ চহৰ বুলি স্বীকৃতিও লাভ কৰিছে৷ দেশৰ ভিতৰতে পৰিষ্কাৰ চহৰখন এতিয়া স্বচ্ছ হৈ থকা নাই বুলি অভিযোগ উত্থাপন হয় সময়ে সময়ে৷ চহৰৰ বিভিন্ন ঠাইত ক্ৰমান্বয়ে জাৱৰ জোঁথৰেৰ ভৰি পৰিব ধৰিছে বুলি অভিযোগ উত্থাপন হয়৷ তেজপুৰ পৌৰসভাই তেজপুৰক পৰিষ্কাৰ কৰাৰ নমুনা প্ৰত্যক্ষ কৰি ক্ৰমান্বয়ে ক্ষোভিত হৈ পৰিছে ৰাইজ৷ তেজপুৰ পৌৰ সভাই স্বচ্ছ ভাৰতৰ বেনাৰ-পোষ্টাৰ চহৰ খনৰ বিভিন্ন স্থানত ওলোমাই ৰাখিছে যদিও শ্ল’গান মতে কাম কৰাহে দেখা নাযায়৷
শেহতীয়াকৈ তেজপুৰ চহৰৰ মাজমজিয়াৰ হেম বৰুৱা ভৱন জাৱৰ-জোঁথৰ পেলোৱা লেতেৰা ঠাইত পৰিণত হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ হেম বৰুৱাৰ আৱক্ষ প্ৰতিমূৰ্তি থকা ঠাই ডোখোৰ কদৰ্য কৰি ৰখাত তেজপুৰ পৌৰ সভাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে তেজপুৰৰ চহৰৰ ৰাইজ৷ তেজপুৰ পৌৰ সভাই হেমবৰুৱা ভৱনত একাংশ লোকক মেলা পতাৰ অনুমতি দিয়ে৷