অপুৰ্ব বৰা, তেজপুৰঃ শনিবাৰে পুৱা ভাগত তেজপুৰ পিঠাখোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় মঞ্জুমা বেগম( ৪৫) নামৰ মহিলা গৰাকী।
দুৰ্ঘটনাটোত গুৰুত্বভাৱে আহত হালিছা বেগম (৪৭) তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসা বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থা বাবে এনে ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।