তেজপুৰঃ তেজপুৰত তিনি কৃতিমানে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত কঢ়িয়ালে গৌৰৱ। শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা তেজপুৰৰ পল'ফিল্ডৰ সমীপৰ বাণথিয়েটাৰৰ কাষৰ দৰং মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ শয়ন মজুমদাৰ। 

এই পৰীক্ষাত তেজপুৰৰে ডাইমেনচন একাডেমীৰ ছাত্ৰ দিশান্ত শইকীয়াই দ্বিতীয় স্থান লাভ কৰাৰ লগতে দৰং মহাবিদ্যালয়ৰ শুভ্ৰজিৎ পালে ষষ্ঠ স্থান লাভ কৰিছে বিজ্ঞান শাখাত। 

তিনিওগৰাকীক অভিনন্দন জ্ঞাপন কৰিলে তেজপুৰৰ বিভিন্ন দল-সংগঠনে। প্ৰথম স্থান লাভ কৰা শয়ন মজুমদাৰ তেজপুৰ মডিকেল কলেজত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে।