তেজপুৰঃ শোণিতপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত দেওবাৰে বিয়লি তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা নৰেন্দ্ৰ দেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াক ২০১৮ বৰ্ষৰ নৰেন্দ্ৰ দেৱ শাস্ত্ৰী স্মাৰক বঁটা প্ৰদান কৰা হয়।

সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসৰ সভাপতিত্বত ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে অপুৰ্ব বৰাই আঁত ধৰা অনুষ্ঠানটিত নৰেন্দ্ৰ দেৱ শাস্ত্ৰী আৰু তৰুণ শইকীয়াৰ জীৱন কৃতী আলোকপাত কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ বৰুৱাই।

'সংবাদ মাধ্যমৰ ভাষা' শীৰ্ষক বিষয়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অৰূপ কুমাৰ নাথে নৰেন্দ্ৰ দেৱ শাস্ত্ৰী স্মাৰক বক্তৃতা প্ৰদান কৰা আৰু তেজপুৰৰ নাট্যশিল্পী ভূপেন শৰ্মা আৰু মৃগেন বৰাই তৰুণ শইকীয়াৰ নাটকৰ সংলাপ পৰিৱেশন কৰে। 

এই অনুষ্ঠানতে তেজপুৰৰ তিনি প্ৰবীণ চিকিৎসক ডাক্তৰ প্ৰদীপ বৰুৱা, ডাক্তৰ ননীকান্ত বৰা আৰু ডাক্তৰ মলীনা বৰাক বিশেষ ভাবে সম্বৰ্ধনা জনোৱাৰ লগতে ট্ৰিবিউন প্ৰতিষ্ঠানৰ বঁটা লাভ কৰা সাংবাদিক পংকজ কুমাৰ নাথক অভিনন্দন জ্ঞাপন কৰে।

নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ সহধৰ্মিনী কনকলতা দেৱীৰদ্বাৰা নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত নৱমল্লিকা শিল্পী দলে সমৱেত জ্যোতি সংগীত পৰিৱেশন কৰে।