তেজপুৰঃ 'কিবা এটা ভাল কাম কৰি মৰাচোন! কাশ্মীৰত গৈ গুলী খাই মৰা, বাঘ-সিংহৰ লগত যুঁজি মৰাটো ভাল। সুৰা সেনম কৰিলেতো মানুহ মৰিবই। গতিকে সুৰা বন্ধ কৰিলে অসমৰ একো ক্ষতি নহয়।’ এই মন্তব্য তেজপুৰৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ।
সাংবাদিকৰে হোৱা কথা-বতৰাত সাংসদজনে লগতে কয় যে বিহাৰৰ লগতে বহুকেইখন ৰাজ্যত সুৰা বন্ধ হ’ব পাৰে যদি অসম কিয় নোৱাৰে? অসমতো নিষিদ্ধ কৰিব লাগে সুৰা। সুৰা খালে মানুহ মৰিব বুলি জানেই। সুৰা সেৱন কৰিলে যে মানুহ মৰে সেয়া কথা নেতা, দল-সংগঠন সকলোৱে জানে। কিছু সজাগ হ’লে মানুহ মৰাৰপৰা বাচিব বুলি কৈ সুৰা অসমত নিষিদ্ধ কৰাৰ দাবী জনায় সাংসদজনে।