তেজপুৰঃ শোণিতপুৰৰ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অৱসৰপ্ৰাপ্ত প্ৰাক্তন সৈনিক সমাৰোহ আৰু বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানখন আনুষ্ঠানিকভাৱে মুকলি কৰে সেনা বাহিনীৰ ব্ৰিগ্ৰেডিয়াৰ আৰু কে সিঙে।
শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানসলকৰ সহযোগত প্ৰতিবছৰে সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান সকলৰ সুবিধাৰ্থে এই বৈঠক অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত বহুকেইজন বীৰ ছহিদ জোৱানৰ বীৰত্বক শ্ৰদ্ধা জনাই তেওঁলোকৰ পত্নীসকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।