অপূৰ্ব বৰা, তেজপুৰঃ এটি হৃদয় বিদাৰক দৃশ্য৷ কেমেৰাৰ সন্মুখত বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যু হয় এজন বিদ্যুত্‍ কৰ্মীৰ। 

বিশ্বনাথ চাৰিআলিত সংঘটিত হয় এই কৰুণ ঘটনা৷ ১১০০০ ভল্টৰ তাঁৰত লাগি মৃত্যু হয় ৰবীন দাস নামৰ বিদ্যুত কৰ্মী গৰাকীৰ। বিদ্যুত্‍ পৰিবাহী তাঁৰ সংযোগী খুঁটাত উঠি মেৰামতি কৰি আছিল দাসে। বিদ্যুত বিভাগৰ গাফিলতিৰ বাবেই ঘটনাটো সংঘটিত হৈছে বুলি অভিযোগ উঠিছে৷