অপূৰ্ব বৰা, তেজপুৰঃ ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্টত টে’ট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি লিপিবদ্ধ হৈছিল। বিজেপি শাসনলৈ অহাৰ তিনিটা বছৰ পূৰণ হ’ল, কিন্তু ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নহ’ল। কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টে’ট উত্তীৰ্ণ শিক্ষকসকলক পুনৰ টে’টত বহি তেওঁলোকৰ প্ৰমাণ-পত্ৰ নবীকৰণ কৰিব লাগিব বুলি কৰা মন্তব্যই সৃষ্টি কৰিছে অসন্তুষ্টিৰ।
সেই অনুসৰি মঙলবাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে শোনিতপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে শোনিতপুৰ জিলা সমিতিয়ে৷ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । আজিৰ কাৰ্যসূচী ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ নেতৃত্ববৃন্দৰ লগতে শোনিতপুৰ জিলা সমিতিৰ কেইবাহাজাৰ টে’ট শিক্ষকে অংশগ্ৰহণ কৰে।