তেজপুৰঃ হাড় কপোৱা জাৰত ব্ৰহ্মপুত্ৰত জাপ দিলে বাইক চোৰে৷ আৰক্ষীৰ পৰা হাত সাৰিবলৈ ব্ৰহ্মপুত্ৰত জাপ দিও আৰক্ষীৰ পৰা বাছিব নোৱাৰিলে এজন বাইক চোৰে৷ চুৰি কৰিবলৈ ভয় নালাগে যদিও আৰক্ষীৰ ভয়ত ব্ৰহ্মপুত্ৰত জাপ দিয়ে চোৰটোৱে৷
তেজপুৰত আৰক্ষীৰ পৰা সাৰিবলৈ এগৰাকী চোৰে জাপ দিয়ে ব্ৰহ্মপুত্ৰত৷ ঢেকিয়াজুলিৰ মজিবুৰ ৰহমান নামৰ এজন যুৱকে অৰুণাচলৰ পৰা চুৰি কৰি অনা বাইক তেজপুৰৰ চানমাৰীৰ ঔগুৰি পাহাৰত বিক্ৰী কৰিবলৈ আনে৷ যুৱকজনে বিলাসী বাইকখন লৈ ঘুৰা-ফুৰা কৰি থকাৰ সময়তে সন্দেহ ওপজাত যুৱকজনক ৰাইজে আবদ্ধ কৰে৷