তেজপুৰঃ তেজপুৰত ফ’ৰলেন পথ নিৰ্মাণৰ অচিলা লৈ একাংশই য’তে-ত’তে অব্যাহত ৰাখিছে অবৈধ খনন কাৰ্য৷ বন বিভাগৰ আশীৰ্বাদপুষ্ট হৈ একাংশই লাভ কৰা বালি তথা মাটিৰ মহলৰ নামত বন আইন ভৰিৰে মোহাৰি চলোৱা অবৈধ খননৰ পৰিণতিত শুকুৰবাৰে কৰুণ মৃত্যুক আঁকোৱালি ল’লে তিনি কণ-কণ শিশুৱে৷
তেজপুৰৰ মৰাভৰলী নৈ পাৰৰ এইটো প্ৰকাণ্ড গাঁততে পৰি আজি সলিল সমাধি ঘটে এই তিনি শিশুৰ৷ সমীপৰ ভৈৰৱনগৰ টিলাৰ পাঁচটি শিশুৱে দুপৰীয়া গাঁতটোৰ কাষতে গাৰ কাপোৰ খুলি গা ধুবলৈ লওঁতে এই অঘটন ঘটে৷