তেজপুৰঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত বৃহত্তৰ চাৰিদুৱাৰবাসী ৰাইজৰ উদ্যোগত চাৰিদুৱাৰ মা বৈষ্ণৱী দেৱী মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰৰপৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰীমদ্ভাগৱত কথা জ্ঞান সমাৰোহ।

চাৰিদুৱাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানটোত আজি পুৱা কলহ যাত্ৰাৰে শুভাৰম্ভ কৰা হয়। কলহ যাত্ৰাত অঞ্চলটোৰ মহিলাসকলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে চাৰিদুৱাৰ খেলপথাৰস্থিত অনুষ্ঠানস্থলীত অনুষ্ঠিত হয় কথা ভাগৱত জ্ঞান সমাৰোহৰ প্ৰথম দিনাৰ মূল অনুষ্ঠান তথা ভাগৱত পাঠ কাৰ্যসূচী৷ 

অনুষ্ঠানটোত মুখ্য ভাগৱত ব্যাখ্যাকাৰী হিচাপে উপস্থিত থাকে মথুৰাৰ শ্ৰীধাম বৃন্দাবনৰপৰা আমন্ত্ৰিত শ্ৰী শ্ৰী তুলসী জী মহাৰাজ। প্ৰথম দিনাৰ অনুষ্ঠানটোৰ মূখ্য অতিথি ৰূপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ গৃহ মন্ত্ৰী কুমাৰ ৱাই, চাৰিদুৱাৰ কটন মিলছস্থিত চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ অধিনায়ক দীনেশ সিং চণ্ডেল, ২০ অসম ৰাইফলছৰ অধিনায়ক এন বি সিং, বমডিলাৰ সহকাৰী অভিযন্তা আজু কুনমোজোৰ। 

আজিৰেপৰা শুভাৰম্ভ হো্ৱা অনুষ্ঠানটো অহা ২৩ ফেব্ৰুৱাৰী পৰ্যন্ত অব্যাহত থাকিব। উল্লেখ্য যে, বৃন্দাবন মঠুৰাৰ তুলসী জী মহাৰাজৰ প্ৰথমবাৰৰ বাবে পদাৰ্পন কৰিছে অসমত৷ উক্ত অনুষ্ঠানত ১৪ ফেব্ৰুৱাৰী দিনা জন্মু আৰু কাশ্মীৰত পাক উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুৱা    চি আৰ পি এফৰ জোৱান সকলক স্মৰণ কৰি দুই মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।