newsnextone.com| তেজপুৰঃ  তেজপুৰ বিহগুৰিৰ ঘৰৰ পৰা পলাই অহা দুজন ল’ৰা। বগাজনৰ নাম মোহন ছেত্ৰী, পিতা-ভক্ত বাহাদুৰ চেত্ৰী। আনজন অজয় ঘোচ, পিতা-প্ৰদীপ ঘোচ।  সন্দেহজনক ভাৱে বড়িগাঁও ৰে’লগেটত ঘুৰি ফুৰা দেখা পাই দুজন স্থানীয় যুৱকে সোধপোছ কৰি স্থানীয় সাংবাদিক এগৰাকীক খবৰ দিয়ে। পোছাকত বিদ্যালয়ৰ একে সাজত দুয়োক দেখা পোৱা গৈছিল বুলি কয় সংবাদগৰাকীয়ে৷ তেখেতে দুয়োটা ল’ৰাৰ লগত কথা পাতি অনুমান কৰিলে যে সিঁহত ঘৰৰ পৰা পলাই আহিছে। বৰ্তমান দুয়োকে গহপুৰ আৰক্ষী থানাত চমজাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তেজপুৰ কন্ট্ৰল ৰুমৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। যদি কোনোবা তেজপুৰ বিহগুৰি ৰ বন্ধু আছে তেন্তে ল’ৰা দুটাৰ মাক দেউতাকৰ লগত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনায় স্থানীয় সাংবাদিকগৰাকীয়ে। আনহাতে খবৰ পোৱাৰ পিছত ৯৬১৩৬০৮১২১ নম্বৰত যোগাযোগ কৰিবলৈ দিয়া হৈছে৷

 

 

 

 

 

 

x