newsnextone.com | ওদালগুৰি/তেজপুৰঃ বিটিএডিত সেনা-আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্ৰপন্থী বিৰোধী অভিযান। বিটিএডিত যোৱা কেইবাটাও দিনত কেইবাগৰাকী এনডিএফবিৰ কেডাৰ সেনা-আৰক্ষীৰ হাতত ধৰা পৰিছে। স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত কুটাঘাট সংঘটিত কৰাৰ বাবে এনডিএফবিৰ দল ম্যানমাৰৰ পৰা অসমক প্ৰৱেশ কৰা বুলি আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতে অভিযান তীব্ৰতৰ কৰি তুলিছে সেনা-আৰক্ষীয়ে।

সোমবাৰে নিশা তেজপুৰত এগৰাকী এনডিএফবি কেডাৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে ওডালগুৰি আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে এগৰাকী কেডাৰক জালত পেলাবলৈ সক্ষম হয়।

মঙলবাৰে ওদালগুৰি জিলাত সেনা-আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰসহ এগৰাকী এনডিএফবিৰ কেডাৰক জালত পেলায়। জানিব পৰা মতে, মাজবাট এলেকাৰ দায়িত্বত থকা অমিত বড়ো ওৰফে এমফৌ নামৰ কেডাৰজনে ২০১২ চনতে এনডিএফবিত যোগদান কৰিছিল। বিশেষ খবৰৰ ভিত্তিত ওদালগুৰিৰ নলখামাৰাত সেনা-আৰক্ষীৰ অভিযানত জালত পৰা অমিত বড়োৰ পৰা এটা পিষ্টল আৰু ২ জাঁই সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে, ওদালগুৰিৰ মাজৰসুঁতিৰ ৰিংকু দৈমাৰী নামৰ নামৰ যুৱকজনক দেওবাৰে তেজপুৰত সেনাই আটক কৰে। যুৱকজনক সোমবাৰে নিশা তেজপুৰ আৰক্ষীক গতাই দিয়ে সেনাই। আনহাতে, তেজপুৰ আৰক্ষীক গতাই দিয়া এনডিএফবি কেডাৰজনে পূৰ্ব আত্মসমৰ্পণ কৰিছিল বুলি জানিব পৰা যায়। উগ্ৰপন্থী সদস্যজনক আটক কৰাৰ নাটক কৰাৰ অভিযোগ উত্থাপিত হয় চাৰিদুৱাৰস্থিত অসম ৰাইফলচৰ বিৰুদ্ধে৷