newsnextone.com | ওদালগুৰি/তেজপুৰঃ বিটিএডিত সেনা-আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্ৰপন্থী বিৰোধী অভিযান। বিটিএডিত যোৱা কেইবাটাও দিনত কেইবাগৰাকী এনডিএফবিৰ কেডাৰ সেনা-আৰক্ষীৰ হাতত ধৰা পৰিছে। স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত কুটাঘাট সংঘটিত কৰাৰ বাবে এনডিএফবিৰ দল ম্যানমাৰৰ পৰা অসমক প্ৰৱেশ কৰা বুলি আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতে অভিযান তীব্ৰতৰ কৰি তুলিছে সেনা-আৰক্ষীয়ে।
সোমবাৰে নিশা তেজপুৰত এগৰাকী এনডিএফবি কেডাৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে ওডালগুৰি আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে এগৰাকী কেডাৰক জালত পেলাবলৈ সক্ষম হয়।