Home ৰাজ্যনৱজাতকৰ মৃত্যুক লৈ চিকিৎসালয়ত উত্তেজনা

নৱজাতকৰ মৃত্যুক লৈ চিকিৎসালয়ত উত্তেজনা

by News Desk
A+A-
Reset
nno

তেজপুৰঃ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিৰ ফলত নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে৷ জিলাখনৰ উৰিয়ামঘাটৰ বিপ্লৱ ঘোষ নামৰ লোকজনৰ সন্তান সম্ভাৱা পত্নী স্বপ্না ঘোষক শুকুৰবাৰে নিশা ভৰ্তি কৰোৱা হয় কনকলতা অসামৰিক চিকিৎসালয়ত৷ শনিবাৰে দিনৰ ভাগত মহিলাগৰাকীৰ এটি সন্তান জন্ম হয় যদিও জন্মৰ দহ মিনিটৰ পাছতেই সন্তানটিৰ মৃত্যু হয়৷ অভিযোগ অনুসৰি, নিৰ্দিষ্ট সময়ত ৰঞ্জন দাস নামৰ চিকিৎসকজন চিকিৎসালয়খনত উপস্থিত নাছিল৷ জন্মৰ পাছতেই শিশুটি অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে চিকিৎসকক বিচাৰি হাবাথুৰি খাবলগীয়া হয়৷ কৰ্তব্যৰত নাৰ্ছে শিশুটিক সুস্থ কৰিবলৈ চেষ্টা কৰে যদিও নৱজাতকটিয়ে মৃত্যুক আঁকোৱালি লয়৷ এই ঘটনাত খৰ্গহস্ত হৈ পৰে পৰিয়াল তথা আত্মীয়সকল৷ তেওঁলোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ আৰক্ষীৰ দল চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷  ইফালে, চিকিৎসক ৰঞ্জন দাসে তেওঁৰ গাফিলতিৰ বাবে শিশুটিৰ মৃত্যু হোৱা নাই বুলি দাবী কৰিছে৷ চিকিৎসকজনে সন্তানটি মাতৃৰ গৰ্ভতে মৃত্যু হোৱা বুলি সদৰি কৰাত অধিক উত্তেজিত হৈ পৰে প্ৰসূতিগৰাকীৰৰ আত্মীয়সকল৷ বিপ্লৱ ঘোষৰ লগতে পৰিয়ালৰ লোকে শিশুটিৰ মৰোনোত্তৰ পৰীক্ষাৰ দাবী তুলি ন্যায় বিচাৰে৷ লগতে উপযুক্ত ক্ষতিপূৰণোৰ দাবী কৰে৷

News Desk
Author: News Desk

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0