Home ৰাজ্যনৱজাতকৰ মৃত্যুক লৈ চিকিৎসালয়ত উত্তেজনা

নৱজাতকৰ মৃত্যুক লৈ চিকিৎসালয়ত উত্তেজনা

by News Desk
64 views
A+A-
Reset

তেজপুৰঃ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিৰ ফলত নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে৷ জিলাখনৰ উৰিয়ামঘাটৰ বিপ্লৱ ঘোষ নামৰ লোকজনৰ সন্তান সম্ভাৱা পত্নী স্বপ্না ঘোষক শুকুৰবাৰে নিশা ভৰ্তি কৰোৱা হয় কনকলতা অসামৰিক চিকিৎসালয়ত৷ শনিবাৰে দিনৰ ভাগত মহিলাগৰাকীৰ এটি সন্তান জন্ম হয় যদিও জন্মৰ দহ মিনিটৰ পাছতেই সন্তানটিৰ মৃত্যু হয়৷ অভিযোগ অনুসৰি, নিৰ্দিষ্ট সময়ত ৰঞ্জন দাস নামৰ চিকিৎসকজন চিকিৎসালয়খনত উপস্থিত নাছিল৷ জন্মৰ পাছতেই শিশুটি অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে চিকিৎসকক বিচাৰি হাবাথুৰি খাবলগীয়া হয়৷ কৰ্তব্যৰত নাৰ্ছে শিশুটিক সুস্থ কৰিবলৈ চেষ্টা কৰে যদিও নৱজাতকটিয়ে মৃত্যুক আঁকোৱালি লয়৷ এই ঘটনাত খৰ্গহস্ত হৈ পৰে পৰিয়াল তথা আত্মীয়সকল৷ তেওঁলোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ আৰক্ষীৰ দল চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷  ইফালে, চিকিৎসক ৰঞ্জন দাসে তেওঁৰ গাফিলতিৰ বাবে শিশুটিৰ মৃত্যু হোৱা নাই বুলি দাবী কৰিছে৷ চিকিৎসকজনে সন্তানটি মাতৃৰ গৰ্ভতে মৃত্যু হোৱা বুলি সদৰি কৰাত অধিক উত্তেজিত হৈ পৰে প্ৰসূতিগৰাকীৰৰ আত্মীয়সকল৷ বিপ্লৱ ঘোষৰ লগতে পৰিয়ালৰ লোকে শিশুটিৰ মৰোনোত্তৰ পৰীক্ষাৰ দাবী তুলি ন্যায় বিচাৰে৷ লগতে উপযুক্ত ক্ষতিপূৰণোৰ দাবী কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0