নগাঁওঃ শিক্ষকক মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা হয়৷ শিক্ষক হৈছে এখন সমাজৰ মেৰুদণ্ড স্বৰূপ৷ শিক্ষকক দেখিলে আজিও মানুহৰ মূৰ দো খাই৷ কিন্তু একাংশ শিক্ষকৰ কৰ্ম-কাণ্ডই শিক্ষক সমাজক লজ্জিত কৰি অহাৰ সময়তে এইবাৰ শিক্ষকৰ ভয়ত ছাত্ৰ পলাব লগা হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত৷ নগাঁও জিলাৰ ধিঙৰ কদমনিত শিক্ষক সমাজক লজ্জিত কৰি দুজন বিতৰ্কিত শিক্ষাকে ১৪ বছৰীয়া দুজন ছাত্ৰক শিক্ষাদানৰ বিপৰীতে চৰমশাস্তি প্ৰদান কৰাত প্ৰতিক্ৰিয়া অব্যাহত আছে৷

আনহাতে দুয়োগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈ থকাৰ কথা বুধবাৰে পোহৰলৈ আহে। নিৰুদ্দেশ হৈ আছে শিক্ষকৰ দ্বাৰা অপদস্থ নাবালক ছাত্ৰ দুজন। ঘটনাৰ সন্দৰ্ভত থানাত অভিভাৱকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে, নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ চলাপথাৰ চাহেদ অালী হাইস্কুলত শনিবাৰৰ পৰা বাৰ্ষিক খেল-ধেমালি অনুষ্ঠিত হৈছিল আৰু সেই খেল ধেমালিৰ প্ৰথম দিনাই বিদ্যালয়খনত সংঘটিত হৈছিল শিক্ষক সমাজক লজ্জানত কৰা এক কাণ্ড।

খেল ধেমালিৰ মাজতেই বিদ্যালয়খনৰ দুই প্ৰাক্তন ছাত্ৰই সেই বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক মবাইলেৰে ফটো তুলিছিল। এনে অপৰাধৰ বাবে দুই নাবালক ছাত্ৰক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবু হানিফ আৰু সহকাৰী শিক্ষক ওৱাজ উদ্দিনে দুয়োকে আটক কৰি স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে কাণত ধৰাই আঁঠু কঢ়াই শিলগুটিৰ ওপৰেৰে খেদি খেদি নি চৰম শাস্তি প্ৰদান কৰিছিল। পৰবৰ্তী সময়ত উক্ত ঘটনাৰ ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাত সমগ্ৰ নগাঁও জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

এনে অমানৱীয় ঘটনাক বটদ্ৰৱা আমছুৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে শিক্ষক দুজনৰ বিৰুদ্ধে শিক্ষা বিভাগে শাস্তিমুলক ব্যৱস্থা গ্ৰহন কৰাৰ দাবী উত্থাপন কৰিছিল আৰু ইতিমধ্যে এই ঘটনাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পায়। কিন্তু আচৰিত কথা যে ড০ হিমন্ত বিশ্ব শর্মাৰ শিক্ষা বিভাগে এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো ব্যৱস্থা হাতত নোলোৱাত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আনহাতে দুই নাবালক ছাত্ৰই শিক্ষকৰ পৰা পোৱা মানসিক আৰু শাৰীৰিক নিৰ্যাতন তথা চৰম শাস্তিৰ পিছত স্কুলৰ পৰা আজিও সন্ধানহীন হৈ আছে। চাৰিদিনে ছাত্ৰ দুজনৰ সন্ধান লাভ নকৰি গভীৰ চিন্তাত দিন পাৰ কৰিছে৷ অৱশেষত উপায়বিহীন হৈ ছাত্ৰ দুজনৰ লগত সংঘটিত এই সমগ্র ঘটনাৰ বিৰুদ্ধে অভিভাৱকে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে শিক্ষক দুজনৰ বিৰুদ্ধে ৩০/১৮-US-৩৪২/৩২৫/৩৪ R/W-৭৫/৮২(৩)J-J-২০১৫ ভাৰতীয় দণ্ডবিধিক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। দুই শিক্ষাকৰ বিৰুদ্ধে শিক্ষা বিভাগে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব৷