Home ৰাজ্যলুইতৰ বুকুত বুঢ়াচাপৰি

লুইতৰ বুকুত বুঢ়াচাপৰি

by News Desk
58 views
A+A-
Reset

ঢেকীয়াজুলিঃ সংকটৰ গৰাহত এতিয়া মাজুলীৰ ক্ষুদ্ৰ সংস্কৰণ৷ এফালে লুইতৰ বলীয়া বান আনফালে প্ৰৱল খহনীয়া৷ মহাবাহুৰ যেন এইবেলি প্ৰচণ্ড আক্ৰোশ৷ লুইতে সৃষ্টি কৰা এই প্ৰলয়ত নিঃশেষ হৈ যোৱাৰ উপক্ৰম ঘটিছে শোণিতপুৰ জিলাৰ তেজপুৰ বিধান সভা সমষ্টিৰ বুঢ়াচাপৰি অঞ্চল৷ জনা মতে তিনিখনকৈ চৰকাৰৰ ৰাজহ গাওঁ থকা এই বুঢ়াচাপৰি অঞ্চলত ১৮৫০ চনৰ পৰাই এংকাশ কৃষকে বসতি স্থাপন কৰিছিল৷

নদীদ্বীপ মাজুলিৰ এটি ক্ষুদ্ৰ সংস্কৰণ যেন লগা এই বুঢ়াচাপৰি অঞ্চল ঘাইকৈ গো-পালক নেপালী সম্প্ৰদায়ৰ লোক সকলৰ বসতি স্থল আছিল যদিও পিচলৈ ইয়াত কেইবাটিও বিহাৰী আৰু বেঙলী সম্প্ৰদায়ৰ লোকে বসতি স্থাপন কৰে৷ এসময়ত শাক পাচলিৰ পৰা আৰম্ভ কৰি গাখীৰ উৎপাদনৰে জিলাখনৰ কৃষিখণ্ডত অভিলেখ সৃষ্টি কৰা লুইতৰ বুকুৰ এই চাপৰি অঞ্চললৈ তেজপুৰ চৰকাৰী জাহাজ ঘাটৰ পৰা নাৱেৰে প্ৰায় ৯ কিলোমিটাৰ দুৰত্ব৷ ঝাৰণী, শিশুআটী, ধনীয়া এই তিনিখন গাওঁ সামৰি বুঢ়াচাপৰি অঞ্চল৷ সুদীৰ্ঘ বছৰ নদীকেন্দ্ৰীক জীৱন যাপন কৰি বুঢ়াচাপৰিক সেউজ কৰি তোলা লোক সকলৰ জীৱন তথা জীৱিকালৈ ১৯১২ চনৰ পৰাই ব্ৰহ্মপুত্ৰই নমাই আনিছিল খহনীয়া৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0