নগাঁও বৰষুণ লাগে, এজাক দোপালপিটা বৰষুণ, যি জাক বৰষুণে জীপাল কৰিব সেউজীয়াবোৰ৷ বৰষুণৰ পৰশত প্ৰাণ পায় উঠিব বিৰিখৰ কুঁহিপাত মেলা সপোন৷ যি জাক বৰষুণে ধুই নিকা কৰিব ৰুক্ষ সেউজীয়াবোৰ৷ তেনে এজাক বৰষুণৰ অপেক্ষাত ৰৈ আছে এতিয়া ধৰাৰ জীৱকূল৷
বহুদিনেই হ’ল বৰষুণ নিদিয়া৷ প্ৰখৰ ৰ’দৰ উত্তাপত ব্যাহত হৈ পৰিছে মানুহৰ স্বাভাৱিক জীৱন-যাত্ৰা৷ দিনে দিনে বাঢ়ি অহা উষ্ণতা তথা বৃষ্টিহীন শুকান পৰিৱেশে বিপৰ্যস্ত কৰি তুলিছে জনজীৱন৷ এতিয়া সকলোকে এজাক বৰষুণ লাগে৷ মুষলধাৰে নামি অহা বৰষুণ৷