বিশেষ প্ৰতিবেদনঃ কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰিছে। ফলত অৰ্থনৈতিক সংকটৰ লগতে দেশে দেশে ঘনীভূত হৈ উঠিছে আন একাধিক পৰিৱৰ্তনৰ সম্ভাৱনা। এই পৰিৱৰ্তন ৰাজনীতিৰ পৰা আৰম্ভ কৰি সমাজ ব্যৱস্থা তথা প্ৰতিজন লোকৰে ব্যক্তিগত জীৱন যেনে সুখ-দুখ, হাঁহি-কান্দোন, প্ৰেম-ভালপোৱাৰ ওপৰতো যে পৰিব সেয়াও একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। বিশ্বৰ আগশাৰীৰ বিশেষজ্ঞসকলেও কৰ’না ভাইৰাছৰ পৰৱৰ্তী পৃথিৱী তথা মানৱ সভ্যতালৈ একাধিক পৰিৱৰ্তন আহিব বুলি মন্তব্য কৰিছে।

একাংশ বিশেষজ্ঞই কৈছে যে কৰ’নাৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্যৰ অন্ত পৰিব আৰু চীনৰ শক্তি বৃদ্ধি পাব। একাংশই আকৌ কৈছে যে আমেৰিকাৰ লগতে চীনো দুৰ্বল হৈ পৰিব আৰু বিশ্ব ৰাজনীতিৰ পৰিৱৰ্তে নিজ নিজ দেশতে ৰাজনীতি অধিক শক্তিশালী আৰু আক্ৰমণাত্মক হৈ উঠিব। বহুতেই কৰ’না মহামাৰীৰ পিছত বিশ্বায়ন দূৰ্বল হৈ পৰিব বুলিও আশংকা ব্যক্ত কৰিছে।

বহুতেই আকৌ আশা প্ৰকাশ কৰিছে যে কৰ’নাৰ পৰৱৰ্তী পৃথিৱীত দেশসমূহৰ মাজত নতুন ধৰণৰ সহযোগিতা গঢ়ি উঠিব। লগতে দেশসমূহত উগ্ৰ ৰাষ্ট্ৰীয়তাবাদে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত মুক্ত বাণিজ্য বিপদাপন্ন হৈ পৰিব পাৰে বুলিও বাণিজ্য বিশেষজ্ঞসকলে উদ্বিগ্নতা প্ৰকাশ কৰিছে। বহু দেশত চৰকাৰে নাগৰিকসকলৰ ওপৰত নিজৰ স্বাৰ্থৰ বাবে কৰ’নাৰ গইনা লৈ কঠোৰ আইন জাপি দিয়াৰো সম্ভাৱনা দেখা পাইছে বিশেষজ্ঞসকলে।

এনে সম্ভাৱনা সত্য প্ৰমাণিত হ’লে বহু দেশতে গণতন্ত্ৰ বিপদাপন্ন হৈ পৰিলেও হয়তো আচৰিত হ’বলগীয়া একো নাথাকিব। আহকচোন মহামাৰীৰ পিছৰ পৃথিৱীখনলৈ কি কি পৰিৱৰ্তন আহিব পাৰে সেই সম্পৰ্কে বিশেষজ্ঞসকলে কি কৈছে সেয়া জানিবলৈ চেষ্টা কৰো।


শ্ল’মো বেন-এমি, ইতিহাসবিদ-লেখক তথা ৰাজনীতিবিদ

শ্ল’মো বেন-এমি। ইজৰাইলৰ প্ৰাক্তন বিদেশ মন্ত্ৰী। তেওঁ 'স্কাৰ্ছ অৱ ৱাৰ’ আৰু বণ্ড অৱ পীচঃ দ্য ইজৰাইল-আৰৱ ট্ৰেজেদী’ শীৰ্ষক বহু চৰ্চিত দুখন বিশেষ গ্ৰন্থও লিখি উলিয়াইছে। বেন-এমি বৰ্তমান 'ট’লেডো ইন্টাৰনেশ্যনেল চেণ্টাৰ ফৰ পীচ’ৰ উপাধ্যক্ষৰ দায়িত্বত আছে।

কৰ’না ভাইৰাছৰ পৰৱৰ্তী পৰ্যায়ৰ পৃথিৱী সন্দৰ্ভত তেওঁ কৈছে, 'মানুহৰ অহা-যোৱা আৰু বয়-বস্তুৰ আমদানি-ৰপ্তানি পৃথিৱীত যুগ যুগ ধৰি চলি আহিছে। মানৱ সভ্যতাত মহামাৰীৰো আছে অনিবাৰ্য স্থান। ইতিহাসলৈ চালে দেখা যায় যে দুৰ্যোগ আৰু মহামাৰীৰ পিছত পুৰণি নীতি-নিয়মসমূহ নাইকিয়া হৈ পৰে আৰু তাৰ ঠাইত নতুন ৰীতি-নীতি, পৰম্পৰা গঢ় লৈ উঠে। মুঠৰ ওপৰত সমগ্ৰ পৰিকাঠামোৰেই পৰিৱৰ্তন ঘটে।’

তেওঁ আৰু লিখিছে, 'আগতীয়াকৈ জানিব পৰাই হওক বা জানিব নোৱৰা মহামাৰীয়েই নহওক কিয়, এনে পৰিস্থিতিত চৰকাৰৰ প্ৰকৃত স্বৰূপ ওলাই পৰে। মহামাৰীয়ে দেখা দিলে অধিকাংশ ক্ষেত্ৰতে চৰকাৰসমূহে তাৰ পৰা জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হয়। এয়া অতীতৰ মহামাৰী সমূহতো দেখা গৈছিল আৰু কৰ’না ভাইৰাছে সৃষ্টি কৰা মহামাৰীতো ইয়াৰ ব্যতিক্ৰম হ’ব বুলি আশা নকৰাই ভাল।’

এই সন্দৰ্ভত ইজৰাইলৰ প্ৰাক্তন বিদেশ মন্ত্ৰীগৰাকীয়ে মাত্ৰ ৪৪ বছৰ বয়সতে সাহিত্যৰ নোবেল জয় কৰিবলৈ সমৰ্থ হোৱা ফৰাচী-আলজেৰিয়ান ঔপন্যাসিক এলবেয়াৰ ক্যেমুৰ প্ৰখ্যাত উপন্যাস 'দ্য প্লেগ’ৰ প্ৰসংগ উত্থাপন কৰিছে। এই উপন্যাসখনত কাহিনীত আছে যে এগৰাকী বিষয়াই প্লেগক প্ৰথমে বিশেষ ধৰণৰ সাধাৰণ জ্বৰ বুলিয়েই অভিহিত কৰিছে। মহামাৰী প্লেগৰ সময়ত যিদৰে তেতিয়াৰ চৰকাৰ তথা প্ৰশাসনিক বিষয়াসকলে বিষয়টোক গুৰুত্ব দিয়া নাছিল বৰ্তমান বিভিন্ন দেশৰ নেতাসকলৰ মাজত অনুৰূপ মনোবৃত্তি দেখা গৈছে বুলিও মন্তব্য কৰে বেন-এমিয়ে। 

 

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰ’নাক প্ৰথম অৱস্থাত সাধাৰণ জ্বৰ বুলি দাবী কৰাৰ কথা সদৰী কৰি বেন-এমিয়ে কয় যে ৰাষ্ট্ৰনেতাসকলৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবে মহামাৰীয়ে দেখা দিয়াৰ পিছত সৰ্বসাধাৰণৰ মাজত সুস্থ হৈ জীয়াই থাকিবলৈ বিকল্প নাইকিয়া হৈ পৰে। এনে পৰিস্থিতিত নিজৰ ব্যৰ্থতা ঢাকিবলৈ চৰকাৰসমূহে কেৱল ছ’চিয়েল ডিষ্টেন্সিঙকে একমাত্ৰ উপায় হিচাপে দাঙি ধৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা চলায়।

'ভেকচিন প্ৰস্তুত কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। ইয়াৰ সুযোগ লৈ শাসকীয় দলসমূহে নিজৰ সুবিধাৰ বাবে জনতাক বিভ্ৰান্ত কৰিবলৈ একাধিক উৰাবাতৰি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। কোনোৱে ব্লিছিং পাউদাৰ খাবলৈ পৰামৰ্শ আগবঢ়ায়। কোনো নেতাই ভডকা খালে কৰ’না নহয় বুলি দাবী কৰে। কোনোৱে কয় যে মুছলমানৰ কৰ’না নহয়। আনকি আমেৰিকাৰ দৰে দেশ এখনৰ ৰাষ্ট্ৰপতিয়েও আজৱ ধৰণৰ চিকিৎসাৰ বিধান আগবঢ়োৱা দেখা গৈছে।’-চৰকাৰৰ সৈতে জড়িত লোকসকলৰ মাজত মহামাৰীৰ সময়ত যুগে যুগে এনেধৰণৰ আচৰণ দেখা গৈছে বুলি উল্লেখ কৰি এইদৰে কয় বিশ্ব শান্তিৰ হকে মাত মাতি অহা নেতাগৰাকীয়ে।

ইজৰাইলৰ প্ৰাক্তন বিদেশ মন্ত্ৰী তথা লেখকগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে কৰ’না ভাইৰাছৰ ফলত উদ্ভৱ হোৱা আৰ্থিক সংকটৰ দৰে পৰিস্থিতি পূৰ্বৰ মহামাৰীৰ সময়তো আছিল। উদাহৰণ হিচাপে তেওঁ দ্বিতীয় শতিকাত হোৱা প্লেগ মহামাৰীৰ ফলত ৰোমান সাম্ৰাজ্যত দেখা দিয়া ভয়াৱহ আৰ্থিক সংকট আৰু বাইজেণ্টাইন সাম্ৰাজ্যক একপ্ৰকাৰ নিঃশেষ কৰি পেলোৱাৰ কথা উল্লেখ কৰে। 

মহামাৰীয়ে কেৱল আৰ্থিক সংকটেই সৃষ্টি নকৰে, ইয়াৰ লগতে সমাজত বিভেদৰো সৃষ্টি কৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বেন-এমিয়ে। 'বেমাৰে ধনী-দুখীয়াৰ বিচাৰ নকৰে যদিও দুখীয়া লোকসকলে যি দুৰ্বিসহ অৱস্থাত বাস কৰিবলগীয়া হয়, তাৰ বাবে তেওঁলোকেই সহজতে মহামাৰীৰ চিকাৰ হৈ পৰে। মহামাৰীৰ চিকাৰ হৈ পৰাৰ পিছত যিসকলে বিভিন্ন কাৰণত বাছি থাকে সেইসকলৰ বাবে পৰৱৰ্তী সময়ত জীৱন-ধাৰণ কৰাতো আৰু অধিক যন্ত্ৰণাকাতৰ হৈ উঠে।’-মহামাৰীৰ ফলত সমাজত বিভেদ অধিক গাঢ় হৈ পৰে বুলি দাবী কৰি বেন-এমিয়ে কয়।

মহামাৰীৰ সময়ত ষড়যন্ত্ৰমূলক আৰু উচটনিমূলক কথা বিয়পাই দিয়া কাৰ্যও অতীজৰে পৰা চলি আহিছে বুলিও মন্তব্য কৰে বেন-এমিয়ে। 'যেতিয়া এণ্টনিয়ান প্লেগে মহামাৰী ৰূপ লৈছিল তেতিয়া ৰোমৰ শাসকবৰ্গই ইয়াৰ বাবে খ্ৰীষ্টানসকলক দায়ী কৰিছিল। আনহাতে ১৪শ শতিকাত খ্ৰীষ্টানৰ দপদপনিৰ সময়ত ইউৰোপত ব্লেকডেথ মহামাৰী হোৱাত দোষ জাপি দিয়া হৈছিল ইহুদীসকলৰ ওপৰত। আৰু আজি কৰ’না ভাইৰাছে মহামাৰী ৰূপ লোৱাত সমগ্ৰ বিশ্বতে নানা ধৰণৰ মনেসজা কাহিনী প্ৰচাৰ হোৱা দেখা গৈছে। কোনোৱে যদি চীনক দায়ী কৰিছে, কোনোৱে আমেৰিকাক, কোনোৱে ইহুদীক আৰু কোনোৱে মুছলমানক জগৰীয়া কৰিছে।’-বেন-এমিৰ বিশ্লেষণাত্মক মন্তব্য।

মহামাৰীৰ পিছত সমগ্ৰ মানৱ সমাজলৈ কি কি পৰিৱৰ্তন আহিব সেই সন্দৰ্ভতো মতামত আগবঢ়াইছে ইজৰাইলৰ নেতা তথা লেখকগৰাকীয়ে। তেওঁ কয়, 'এণ্টনিয়ান প্লেগৰ পিছত ইউৰোপত খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰ ঘটিছিল। আকৌ ব্লেকডেথৰ পিছত ইউৰোপত লাহে লাহে মানুহৰ মাজত ধৰ্মৰ প্ৰতি মোহভংগ ঘটিছিল আৰু মানৱতাবাদক গুৰুত্ব দিবলৈ লৈছিল। ধৰ্মৰ প্ৰতি মোহভংগ হোৱাৰ ফলতেই ব্লেকডেথ শাম কটাত ইউৰোপত আৰম্ভ হৈছিল নৱজাগৰণ। স্পেনিছ ফ্লুৰ শেষত গঢ়ি উঠিছিল শ্ৰমিক আন্দোলন আৰু সাধাৰণ জনতাই সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল। একেদৰে ভাৰতত প্লেগ মহামাৰীৰ পিছত স্বাধীনতা আন্দোলনে নতুন গতি লাভ কৰিছিল।’

এনে পৰিপ্ৰেক্ষিতত ইজৰাইলী ৰাজনীতিবিদ তথা লেখকগৰাকীয়ে কৰ’নাৰ পিছৰ পৰিস্থিতক লৈয়ো উদ্বিগ্নতা প্ৰকাশ কৰিছে। 'দুখনকৈ বিশ্বযুদ্ধৰ পৰা এয়া স্পষ্ট হৈ পৰিছে যে উগ্ৰ ৰাষ্ট্ৰীয়তাবাদৰ জৰিয়তে বিশ্বত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰাখিব পৰাতো সম্ভৱ নহয়। কৰ’না মহামাৰীয়ে আমাক সংকেত দিছে যে ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে মিলিত হৈ অনতিপলমে এক নতুন ভাৰসাম্যমূলক নীতি গ্ৰহণ কৰাৰ সময় আহি পৰিছে। ইয়াৰ অন্যথাই উগ্ৰ ৰাষ্ট্ৰীয়তাবাদক প্ৰাধান্য দি থাকিলে মহামাৰীয়ে সমগ্ৰ বিশ্বতে আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব।’-প্ৰতিখন দেশৰ চৰকাৰক সকীয়াই দি কৰ’না মহামাৰীক লৈ এইদৰে আশংকা ব্যক্ত কৰে বেন-এমিয়ে।

ইউবাল নোৱা হৰাৰি, ইতিহাসবিদ আৰু দাৰ্শনিক

বিখ্যাত গ্ৰন্থ 'ছেপিয়েন্স’ৰ লেখক ইউবাল নোৱা হৰাৰি। বিশ্বৰ আগশাৰীৰ সংবাদ পত্ৰ 'ফাইন্সেচিয়েল টাইমছ’ত দিনদিয়েক পূৰ্বে লিখা এটি প্ৰৱন্ধত ইতিহাসবিদ আৰু দাৰ্শনিক হৰাৰিয়ে কৰ’নাৰ ফলত সমগ্ৰ বিশ্বতে নাগৰিকৰ ওপৰত চৰকাৰৰ চোকা দৃষ্টি (surveillance) অধিক বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে।

'চৰকাৰ আৰু বৃহৎ প্ৰতিষ্ঠানসমূহে মনিটৰিং আৰু মেনিপুলেটিং কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আহিছে। যদিহে আমি সচেতন নহও তেন্তে দেশে দেশে নাগৰিকৰ ওপৰত চোৰাংচোৱাগিৰি কৰাত এই মহামাৰী চৰকাৰৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। যিসমূহ দেশে এতিয়াও নাগৰিকৰ ব্যক্তি স্বাধীনতা আৰু গোপনীয়তাক প্ৰাধান্য দি আহিছে সেইসমূহ দেশতো নাগৰিকৰ ওপৰত এনে চোৰাংচোৱাগিৰি কৰাতো সহজ হৈ উঠিব। ইমানেই নহয়, এই surveillance ব্যৱস্থাই নাগৰিকৰ ব্যক্তি স্বাধীনতাতো সম্পূৰ্ণৰূপে হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে।’-'ফাইন্সেচিয়েল টাইমছ’ত এইদৰে লিখিছে হাৰাৰিয়ে।

চৰকাৰে কৰ’না ভাইৰাছৰ পিছত জনতাৰ ওপৰত কিদৰে চোকা দৃষ্টি ৰাখিব সেয়া বৰ্ণনা কৰি তেওঁ আৰু কৈছে, 'এতিয়ালৈকে আপুনি স্মাৰ্টফোনত এবাৰ ক্লিক কৰিলেই কি কি চাইছে, পঢ়িছে সেয়া চৰকাৰে গম পোৱাৰ ব্যৱস্থা কৰিছে। কৰ’না মহামাৰীৰ পিছত ইণ্টাৰনেটৰ চেহেৰাই সলনি হৈ যাব। তেতিয়া স্মাৰ্টফোনত ক্লিক কৰিলেই চৰকাৰে আপোনাৰ আঙুলিৰ তাপমান আৰু ছালৰ ভিতৰত ব্লাড প্ৰেছাৰ কিমান আছে সেয়াও জানিবলৈ চেষ্টা কৰিব।’

ছাৰ্ভিলেন্স ব্যৱস্থাৰ ইতিবাচক দিশৰ কথা উল্লেখ কৰি হৰাৰিয়ে লিখিছে, 'ধৰি লওক যে কোনো এখন চৰকাৰে নিজৰ নাগৰিকসকলক এক বিশেষ বায়’মেট্ৰিক ব্ৰেছলেট পিন্ধাতো বাধ্যতামূলক কৰি দিছে। এই ব্ৰেছলেটে শৰীৰ তাপমান আৰু হৃদযন্ত্ৰৰ স্পন্দন ২৪ ঘণ্টাই মনিটৰিং কৰিব। ব্ৰেছলেটৰ পৰা পোৱা ডাটা চৰকাৰী এলগ’ৰিথেমলৈ যাব আৰু বিশ্লেষণ হৈ থাকিব। আপুনি যে অসুস্থ সেয়া আপুনি অনুভৱ কৰাৰ পূৰ্বেই চৰকাৰে গম পাব যে আপোনাৰ গা ভাল নহয়। এই ছাৰ্ভিলেন্স ব্যৱস্থাই এয়াও গম পাব যে আপুনি কেতিয়া ক’লৈ কাৰ ওচৰলৈ গৈছে। ইয়াৰ জৰিয়তে সংক্ৰমণৰ শৃংখল অনায়াসে ধ্বংস কৰিব পৰা যাব। শুনিবলৈ এয়া কিমান ভাল কথা নহয়নে বাৰু?’

যি প্ৰযুক্তিয়ে আপোনাৰ হাছি-কাহৰ কথা গম পাব সেই প্ৰযুক্তিয়ে আপোনাৰ হাঁহি-কান্দোনৰ কথাও গম পাব। যদিহে চৰকাৰ আৰু বৃহৎ কোম্পানীসমূহে সাধাৰণ জনতাৰ ব্যক্তিগত তথ্য গ্ৰহণ কৰাৰ অধিকাৰ লাভ কৰে তেন্তে তেওঁলোকে আমাৰ বিষয়ে আমাতকৈয়ো বেছি ভালকৈ গম পাব। চৰকাৰ আৰু কোম্পানীসমূহে আমাৰ মনৰ ভিতৰত কি চলি আছে সেয়াও আমাতকৈ আগতেই জানিব।

ইয়াৰ পিছতে তেওঁ উল্লেখ কৰিছে এনে ব্যৱস্থাৰ ভয়াৱহতাৰ কথা। 'এয়া আমি মনত ৰাখিব লাগিব যে খং, সুখ, হাঁহি, কান্দোন, আমনি, প্ৰেম-ভালপোৱা আদিও হৈছে ঠিক জ্বৰ আৰু কাহ আদিৰ দৰেই একো একোটা জৈৱিক প্ৰক্ৰিয়া। যি প্ৰযুক্তিয়ে আপোনাৰ হাছি-কাহৰ কথা গম পাব সেই প্ৰযুক্তিয়ে আপোনাৰ হাঁহি-কান্দোনৰ কথাও গম পাব। যদিহে চৰকাৰ আৰু বৃহৎ কোম্পানীসমূহে সাধাৰণ জনতাৰ ব্যক্তিগত তথ্য গ্ৰহণ কৰাৰ অধিকাৰ লাভ কৰে তেন্তে তেওঁলোকে আমাৰ বিষয়ে আমাতকৈয়ো বেছি ভালকৈ গম পাব। চৰকাৰ আৰু কোম্পানীসমূহে আমাৰ মনৰ ভিতৰত কি চলি আছে সেয়াও আমাতকৈ আগতেই জানিব। এইখিনিলৈ ঠিকেই আছিল, কিন্তু আমাৰ বিষয়ে সকলো আগতীয়াকৈ গম পাই তেওঁলোকে তেওঁলোকৰ লাভৰ বাবে আমাৰ ভাৱনাৰ সৈতে ল’ৰা-ধেমালিও আৰম্ভ কৰিব। তেওঁলোকে আমাক যি লাগে সেয়াই বিক্ৰী কৰিব পাৰিব, লাগিলে সেয়া কোনো সামগ্ৰীয়েই হওক বা নেতা। মুঠৰ ওপৰত তেতিয়া আমাৰ মনটোও আমাৰ নিজৰ হৈ নাথাকিব।’

'কৰ’না ভাইৰাছৰ সংক্ৰমণ নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি এক বৃহৎ ভাবুকি স্বৰূপ। যদিহে আমি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অসমৰ্থ হও তেন্তে আমি আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ স্বাধীনতা হেৰুৱাই পেলাবলৈ বাধ্য হৈ পৰিম আৰু ভাবিবলৈ ল’ম যে স্বাস্থ্য ৰক্ষাৰ বাবে চৰকাৰক আমাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ দিয়াটোৱেই স্বাধীনতাতকৈ ভাল। তাৰ পিছত আমাৰ আৰু ৰবটৰ মাজত একো পাৰ্থক্যই নাথাকিব। চৰকাৰে আমাক নিজৰ ইচ্ছামতে ৰবটৰ দৰেকৈ চলাই থাকিব।’-হাৰাৰিয়ে বিশ্ববাসীক সতৰ্ক কৰি দি কয়।

অমৰ্ত্য সেন, নবেল জয়ী অৰ্থনীতিবিদ

অৰ্থনীতি বিজ্ঞানৰ নবেলজয়ী বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ অমৰ্ত্য সেনেও কৰ’না ভাইৰাছৰ পিছত বিশ্বলৈ কেনে পৰিৱৰ্তন আহিব পাৰে সেই সম্পৰ্কে 'ফাইন্সেচিয়েল টাইমছ’ত এটি প্ৰৱন্ধ লিখিছে। উক্ত প্ৰৱন্ধটোত তেওঁ লিখিছে, 'কৰ’না ভাইৰাছক পূৰ্বেও বিশ্বত সমস্যাৰ সংখ্যা কম নাই। সমগ্ৰ বিশ্বতে সামাজিক বৈষম্যই চৰম সীমা পাইছে। এই বৈষম্য পৃথিৱীৰ বিভিন্ন দেশৰ মাজতো আছে আৰু দেশৰ ভিতৰতো আছে। বিশ্বৰ আটাইতকৈ ধনী ৰাষ্ট্ৰ আমেৰিকাতেই লাখ লাখ লোকে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। গণতন্ত্ৰ বিৰোধী ৰাজনীতি ব্ৰাজিলৰ পৰা আৰম্ভ কৰি বলিভিয়ালৈ, পোলেণ্ডৰ পৰা হাংগেৰীলৈ অধিক শক্তিশালী হ’বলৈ আৰম্ভ কৰিছে।’

নবেলজয়ী ভাৰতীয় মূলৰ অৰ্থনীতিবিদগৰাকীয়ে লেখাটোত এটি প্ৰশ্ন কৰি তাৰ উত্তৰো দিছে। তেওঁ প্ৰশ্ন কৰিছে, 'মহামাৰীৰ সময়ত হোৱা অভিজ্ঞতাই ইয়াৰ পূৰ্বৰ সময়ৰ সমস্যাসমূহ সমাধান কৰোতে সহায় কৰিবনে?’ ইয়াৰ উত্তৰত তেওঁ কৈছে, 'এয়া নিশ্চিত যে, যদিহে আমি সকলোৱে সন্মিলিতভাৱে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিও আৰু মহামাৰীৰ পিছৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰো তেন্তে সকলো ঠিকে থাকিব। এইক্ষেত্ৰত দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ কথাকে ক’ব পাৰি। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত বিশ্ববাসীয়ে উপলব্ধি কৰিছিল যে আন্তঃৰাষ্ট্ৰীয় সহযোগ অবিহনে শান্তিপূৰ্ণ আৰু সুস্থিৰ বিশ্ব গঢ়ি তোলাতো সম্ভৱপৰ নহয়।’

তেওঁ অতীত ৰোমন্থন কৰি লিখিছে, 'ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আইএমএফ আৰু বিশ্ববেংকৰ জন্ম হৈছে দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত ব্ৰিটেইনে খাদ্য সংকটৰ সন্মুখীন হৈছিল আৰু পুষ্টিহীনতাই ভয়াৱহ ৰূপ লৈছিল। ব্ৰিটেইনে সেয়া প্ৰতিহত কৰাত সফল হৈছিল। ব্ৰিটেইনে খাদ্য সামগ্ৰীৰ অভাৱ সত্বেও সমান অংশীদাৰিত্ব আৰু সামাজিক সহযোগিতাৰ জৰিয়তে খাদ্য সংকট দূৰ কৰাৰ ব্যৱস্থা কৰিছিল।’

বৰ্তমানৰ সংকটলৈ চাই অনাগত দিনত দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ দৰেকৈ ভাল হোৱাৰ আশা কৰিব পাৰি নে নোৱাৰি সেই সন্দৰ্ভতো মন্তব্য আগবঢ়াইছে অমৰ্ত্য সেনে। তেওঁ কৈছে, 'কোনো সংকটৰ পৰা আমি কি শিক্ষা লাভ কৰিম সেয়া উক্ত সংকটৰ পৰা মুক্ত হ’বলৈ আমি কি উপায় গ্ৰহণ কৰো তাৰ ওপৰত নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে ৰাজনীতি আৰু শাসকবৰ্গ তথা শাসিতসকলৰ মাজৰ সম্বন্ধ। যুদ্ধৰ সময়তো ব্ৰিটিছ নাগৰিকসকলৰ খাদ্যভ্যাস আৰু স্বাস্থ্য ব্যৱস্থাৰ উন্নতি ঘটিছিল। কিন্তু ১৯৪৩ চনত বংগদেশত হোৱা দুৰ্ভিক্ষৰ সময়ত ব্ৰিটিছ শাসিত ভাৰতত ৩০ লাখ লোক মৃত্যু মুখত পৰিছিল আৰু তেতিয়াৰ ব্ৰিটিছ চৰকাৰে সেয়া নাইকিয়া কৰিবলৈ কোনো ব্যৱস্থা কৰা নাছিল।’

সেনে কয় যে কৰ’না মহামাৰীৰ সময়ত বিশ্বৰ অধিকাংশ দেশতে সামাজিক বৈষম্য ভয়াৱহ ৰূপত নতুনকৈ মূৰ দাঙি উঠিছে। 'দেশে দেশে সামাজিক বৈষম্য বৃদ্ধি পাইছে। আমেৰিকাত আফ্ৰিকীয় মূলৰ আমেৰিকানসকল কৰ’নাৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত হৈছে আৰু চৰকাৰে বৈষম্য কৰা বাবে তেওঁলোকৰেই মৃত্যুৰ হাৰ অধিক হৈছে। চিকাগোত আফ্ৰিকীয় মূলৰ আমেৰিকানৰ সংখ্যা মুঠ জনসংখ্যাৰ মাত্ৰ এক তৃতীয়াংশ। কিন্তু চহৰখনত কৰ’নাত মৃত্যু হোৱাসকলৰ ৭০ শতাংশই হৈছে আফ্ৰিকীয় মূলৰ আমেৰিকান। যিসমূহ দেশত সামাজিক বৈষম্য অধিক সেই দেশসমূহত কৰ’নাৰ পৰা হ’ব পৰা বিপদ অধিক, সেয়া লাগিলে ভাৰতেই হওক বা ব্ৰাজিল বা হাংগেৰী।’-সেনে কয়।

নবেলজয়ী অৰ্থনীতিবিদগৰাকীয়ে ভাৰত সন্দৰ্ভতো এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, 'ভাৰতে আৰু এক সমস্যাৰ সৈতে যুঁজ দিবলগীয়া হৈছে। সেয়া হৈছে গণতন্ত্ৰৰ মূল ভেঁটিৰ ওপৰত অদৃশ্য হাতুৰীৰ প্ৰহাৰ আৰম্ভ হৈছে আৰু সংবাদ মাধ্যমৰ স্বাধীনতাত চৰকাৰী হস্তক্ষেপ ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে।’ 

ষ্টিফেন এম ৱাল্ট, অধ্যাপক, হাভাৰ্ড বিশ্ববিদ্যালয়

হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বিভাগৰ অধ্যাপক ষ্টিফেন এম ৱাল্টৰ মতে কৰ’না মহামাৰীৰ পিছতে দেশে দেশে চৰকাৰসমূহ অধিক শক্তিশালী হৈ পৰিব আৰু উগ্ৰ ৰাষ্ট্ৰীয়তাবাদে প্ৰাধান্য পাব। তেওঁ কয় যে মহামাৰীক প্ৰতিহত কৰিবলৈ চৰকাৰসমূহে জৰুৰীকালীন অৱস্থাৰ দৰে নিয়মসমূহ জনতাৰ ওপৰত জাপি দিব আৰু মহামাৰী শাম কটাৰ পিছতো তেনে নিয়মসমূহ নিজৰ স্বাৰ্থত প্ৰত্যাহাৰ নকৰাৰ সম্ভাৱনাই অধিক।

ৱাল্টে আৰু এক ভৱিষ্যতবাণী কৰিছে যে কৰ’না মহামাৰীৰ পিছত পশ্চিমীয়া দেশসমূহৰ শক্তি হ্ৰাস পাব আৰু পূবৰ আধিপত্য বৃদ্ধি পাব। 'প্ৰাশ্চাত্যৰ শক্তি প্ৰাচ্যৰ হাতলৈ যাব। দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰে এই মহামাৰীক অতি চমকপ্ৰদভাৱে প্ৰতিহত কৰিছে। চীনেও আৰম্ভণিতে ভুল কৰিছে যদিও পিছত সেয়া সুন্দৰকৈ সমাধান কৰিবলৈ সমৰ্থ হৈছে। বিপৰীতে ইউৰোপ আৰু আমেৰিকা এই মহামাৰীৰ সমুখত তেনেই অসহায় হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত বিশ্ব শক্তি পশ্চিমৰ পৰা পূবলৈ গতি কৰাতো প্ৰায় নিশ্চিত বুলিব পাৰি।’-ৱাল্টৰ পূৰ্বানুমান।

ৱাল্টে আৰু কয় যে কৰ’না মহামাৰীৰ ফলত পশ্চিমীয়া দেশসমূহ বেয়াকৈ প্ৰভাৱান্বিত হ’ব। একেদৰে ইয়াৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাতো স্পষ্ট হৈ পৰিব বুলিও মন্তব্য কৰিছে অধ্যাপকগৰাকীয়ে। লগতে কৰ’না মহামাৰীৰ পিছত সমগ্ৰ বিশ্ব বৰ্তমানতকৈ কম মুক্ত, কম সম্পদশালী আৰু নাগৰিকৰ স্বাধীনতা কম হৈ পৰাৰো আংশকা ব্যক্ত কৰে ৱাল্টে।

ৰিচাৰ্ড এন হাছ, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞ

কাউন্সিল অন ফ’ৰেইন ৰিলেশ্যনৰ মূৰব্বী ৰিচাৰ্ড এন হাছে 'ফৰেইন পলিচি’ নামৰ আলোচনীখনত লিখিছে যে কৰ’না মহামাৰীৰ পূৰ্বেই আমেৰিকান মডেল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে। তেওঁ কয় যে ২০০৮ৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ৰে পৰা আমেৰিকান মডেল দূৰ্বল হৈ পৰিবলৈ আৰম্ভ কৰিছিল আৰু কৰ’নাৰ পিছত সেয়া অধিক প্ৰকট হৈ পৰিছে।

তেওঁ কয়, 'ক’ৰনা মহামাৰী এখন দেশত আৰম্ভ হৈ ক্ষিপ্ৰ গতিৰে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। এয়া নিশ্চিত যে গোলকীয়কৰণৰ সৈতে পছন্দ-অপছন্দৰ কথা নাই, এয়া হৈছে বাস্তৱ। প্ৰকৃততে এই মহামাৰীয়ে ধনী-দুখীয়া, পশ্চিম-পূবৰ পৰা আৰম্ভ কৰি মুক্ত-আৱদ্ধ সকলো দেশৰে প্ৰকৃত স্বৰূপ উদঙাই দিছে। যিসময়ত বিশ্বৰ দুই মহাশক্তি আমেৰিকা আৰু চীনে সমিলমিলেৰে বৈশ্বিক সমস্যা সমাধানৰ বাবে চেষ্টা চলাব লাগিছিল সেই সময়তে দুয়োখন দেশে সংঘাততহে লিপ্ত হৈছে। এয়া বিশ্ববাসীৰ বাবে অত্যন্ত দু্ৰ্ভাগ্যজনক।’

ৰিচাৰ্ডে আৰু কৈছে, 'এই মহামাৰীৰ পিছত পৰিৱেশৰ আৰু অধিক অৱনতি ঘটিব। দুয়োখন দেশৰ লোকসকলৰ মনত কৰ’না ভাইৰাছক লৈ একাধিক কাহিনী সোমাই পৰিছে। আমেৰিকাৰ অধিকাংশ লোকেই ভাবে যে চীনে জানি-বুজিয়েই এই ভাইৰাছ বিয়পাই দিছে। চীনত আকৌ চীনা লোকসকলে ইয়াৰ বাবে আমেৰিকাক জগৰীয়া কৰিছে। ইয়াৰ লগতে চীনে সমগ্ৰ বিশ্বতে এয়াও প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে যে তেওঁলোকে মহামাৰীক নিজৰ শক্তিৰে নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হৈছে। বিপৰীতে আমেৰিকাই নিজকে বাকী দেশসমূহৰ পৰা ক্ৰমাৎ আঁতৰাই নিবলৈ প্ৰয়াস কৰিছে।’

ফ্ৰেডৰিকা মোগেৰিনি, প্ৰতিনিধি, ইউৰোপিয়ান ইউনিয়ন

ইউৰোপিয়ান ইউনিয়নৰ বৈদেশিক আৰু সুৰক্ষা নীতিৰ সদস্য ফ্ৰেডৰিকা মোগেৰিনিয়ে কৈছে যে সমগ্ৰ বিশ্বৰ দেশসমূহ যে প্ৰকৃততে এখন আন এখনৰ সৈতে নিৰ্ভৰশীল সেয়া কৰ’না ভাইৰাছে সুন্দৰকৈ পুনৰবাৰ প্ৰমাণিত কৰিছে। তেওঁ কয়, 'চীনৰ উহান চহৰত মহামাৰীৰ আৰম্ভ হৈছে আৰু এতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। কথাটো এনেকৈও ক’ব পাৰি যে এখন দেশত এজন লোকে হাছিয়ালে আৰু তাৰ পিছত সেই হাছিৰ পৰা ভাইৰাছ গোটেই পৃথিৱীতে বিয়পি পৰিল।’

তেওঁ আৰু কয়, 'মহামাৰী যেতিয়া আহে, তেতিয়া দেশৰ সীমা, মানুহৰ ৰাষ্ট্ৰীয়তা, বংশ-পৰিচয়, লিংগ আৰু ধৰ্ম এইবোৰৰ কোনো মূল্য নাথাকে। আমি যিয়েই নহও কিয় আমাৰ সকলোৰে শৰীৰত ভাইৰাছে একেই আচৰণেই কৰিব।’  

এনে ক্ষেত্ৰত কেৱল নিজলৈ গুৰুত্ব দিয়েই সমস্যাৰ পৰা মুক্তি পাব নোৱাৰি বুলিও মন্তব্য কৰে ফ্ৰেডৰিকাই। 'দ্বিতীয় কথাটো হৈছে আমাৰ চুবুৰীয়াজনৰ অৱস্থাৰ সৈতে সংযুক্ত হৈ থাকে আমাৰ ভৱিষ্যত। যদিহে আমাৰ চুবুৰীয়াৰ কোনো সমস্যা হৈছে তেন্তে সেই সমস্যা সমাধান কৰিবলৈ আমিও চেষ্টা চলোৱা উচিত। নহ’লে সেই সমস্যাৰ প্ৰভাৱ আমাৰ ওপৰতো পৰাতো নিশ্চিত। যিহেতু বৰ্তমানৰ বিশ্বত আমি সকলোৱে এজনে আনজনৰ সৈতে কোনো নহয় কোনো প্ৰকাৰে সংযুক্ত হৈ থাকো সেয়ে এজনৰ সমস্যা কেৱল এজনতে সীমাৱদ্ধ হৈ নাথাকে।’-ফ্ৰেডৰিকাই সকলোকে দৃষ্টিভংগী সলনি কৰিবলৈ আহ্বান জনাই কয়।

তেওঁ আৰু এটি গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছে। তেওঁ কৈছে, 'তৃতীয়তে আমি সকলোৱে ঐক্যৱদ্ধ হৈ থাকিব লাগিব। বৰ্তমান বৈশ্বিক সমন্বয় অধিক প্ৰয়োজনীয় হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ দায়িত্ব বৃদ্ধি পাইছে। আমি অকলে চামুছেৰে সাগৰ সিঁচিব নোৱাৰো, সকলোৱে একেলগে ওলাই আহিব লাগিব।’

ক’ৰি ছক্স, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞ

ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ফ’ৰ ষ্ট্ৰেটেজিক ষ্টাডিজৰ উপমহানিৰ্দেশৰ ক’ৰি ছক্সৰ মতে এই মহামাৰীৰ পিছত আমেৰিকাই বিশ্বক নেতৃত্ব দিয়াৰ শক্তি হেৰুৱাই পেলাব। তেওঁ কৈছে যে কৰ’না মহামাৰীৰ পৰা মুক্ত কৰিবলৈ নিজকে নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা আমেৰিকাই এতিয়া আৰু বিশ্বক বাট দেখুওৱাৰ কথা ক’ব নোৱাৰিব।

ড’নাল্ড ট্ৰাম্পৰ আগমনৰ পিছৰে পৰা বিশ্ব পৰ্যায়ত আমেৰিকাৰ প্ৰভাৱ হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল বুলিও মন্তব্য কৰে ক’ৰিয়ে। তেওঁ কয় যে ট্ৰাম্পৰ আগমনৰ পিছতেই মাৰ্কিন নাগৰিকসকলৰ মাজত বিশ্বায়ন আৰু আন্তৰ্জাতিক বাণিজ্যৰ ওপৰত আস্থা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। 

'ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পূৰ্বৰে পৰা আমেৰিকা ফাৰ্ষ্ট নীতিক গুৰুত্ব দি আহিছে। সেয়ে মাৰ্কিন লোকসকলৰ মাজতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ বিশ্বত আধিপত্য বিস্তাৰৰ সপোন দেখা মাৰ্কিন নাগৰিকসকলে এতিয়া আমেৰিকাতে মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ সম্পূৰ্ণ সুযোগ ল’বলৈ উঠি-পৰি লাগিছে চীনে। কৰ’না মহামাৰীৰ পিছত আমেৰিকাৰ বৰ্তমানৰ চৰকাৰৰ নীতিসমূহৰ বাবে বিশ্ব ৰাজনীতিত প্ৰভাৱ বহু পৰিমাণে হ্ৰাস পাব আৰু চীন ক্ৰমাৎ শক্তিশালী হৈ পৰিব।’-ক’ৰিয়ে কয়।


♦ এই প্ৰতিবেদন 'BBC হিন্দী'ত প্ৰকাশিত এক প্ৰতিবেদনৰ সহায় লৈ প্ৰস্তুত কৰা হৈছে।