Home দেশপ্ৰাক্তন IAS বিষয়া কে গোপীনাথনৰ বিৰুদ্ধে Corona ভাইৰাছক লৈ গোচৰ ৰুজু

প্ৰাক্তন IAS বিষয়া কে গোপীনাথনৰ বিৰুদ্ধে Corona ভাইৰাছক লৈ গোচৰ ৰুজু

by News Desk
102 views
A+A-
Reset

নগৰ হাভেলীঃ প্ৰাক্তন আইএএছ বিষয়া কান্নান গোপীনাথনৰ বিৰুদ্ধে কৰ’না ভাইৰাছক সম্পৰ্কীয় বিষয়ক লৈ গোচৰ ৰুজু কৰিছে কেন্দ্ৰীয় শাসিত অঞ্চল দমন-দিউ আৰু দাদৰা নগৰ হাভেলীৰ আৰক্ষীয়ে। সংবাদ প্ৰতিষ্ঠান PTIৰ বাতৰি মতে কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পদত্যাগ কৰা বিষয়াজনক পুনৰ কৰ্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ দিছিল যদিও সেয়া অস্বীকাৰ কৰা বাবেই তেওঁৰ বিৰুদ্ধে মহামাৰী আৰু দুৰ্যোগ প্ৰশমন আইনৰ অধীনত দাদৰা থানাত গোচৰ ৰুজু কৰা হৈছে।

দাদৰা থানাৰ আৰক্ষী বিষয়া লীলাধৰ মাকৱানাই সংবাদ মাধ্যমক জনোৱা মতে, বিগত বৰ্ষৰ আগষ্টত পদত্যাগ কৰা বিষয়াগৰাকীৰ বিৰুদ্ধে চৰকাৰৰ নিৰ্দেশ অমান্য কৰা বাবে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰাতো ৰুজু কৰা হৈছে এটি গোচৰ। ‘কৰ’না মহামাৰী সত্বেও চৰকাৰী নিৰ্দেশ অনুযায়ী কৰ্তব্যত যোগদান নকৰা বাবে ছুপাৰিডেণ্টেণ্ট অব পাৰ্ছনেল (কৰ্মচাৰীসকলৰ অধীক্ষক) এইছ কে কাম্বলেৰ অভিযোগৰ ভিত্তিত গোপীনাথনৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে।’-এইদৰে কয় আৰক্ষী বিষয়াগৰাকীয়।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0